
কুৱেটা (বেলুচিস্তান), ১৩ জানুৱাৰী (হি.স.)। পাকিস্তান সেনাৰ কনভয়ত ৯ জানুৱাৰীত সংঘটিত কৰা আক্ৰমণত ছয়জন জোৱান নিহত হোৱা বুলি দাবী কৰিছে বেলুচিস্তান লিবাৰেশ্যন ফ্ৰণ্টৰ মুখপাত্ৰ মেজৰ ঘোৰাম বালুচে । সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত মুখপাত্ৰগৰাকীয়ে কয় যে ফ্ৰণ্টৰ যোদ্ধাসকলে চেণ্ট্ৰেল হাইৱেৰ অৰ্নাচ ক্ৰছিঙত কনভয়টোক প্ৰায় ১ বজাত এম্বুছ কৰিছিল।
দ্য বেলুচিস্তান পোষ্টৰ মতে, মুখপাত্ৰগৰাকীয়ে কয় যে সামৰিক কনভয়ৰ এখন বাহনত মাৰাত্মক অস্ত্ৰৰে আক্ৰমণ কৰা হৈছে। বাহনখনত যাত্ৰা কৰা ৬ জোৱান থিতাতে নিহত হোৱাৰ লগতে গাড়ীখনৰ যথেষ্ট ক্ষতিসাধন হয়। মেজৰ ঘোৰাম বালোচে কয় যে অৰ্নাচত পাকিস্তান সেনাৰ কনভয়ত আক্ৰমণত ছয়জন জোৱান নিহত হোৱাৰ দায়িত্ব বেলুচিস্তান লিবাৰেশ্যন ফ্ৰণ্টে গ্ৰহণ কৰে।
উল্লেখযোগ্য যে বিএলএফে দীৰ্ঘদিন ধৰি বেলুচিস্তানৰ স্বাধীনতাৰ বাবে যুঁজ দি আহিছে। ১৯৪৭ চনত ভাৰত বিভাজনৰ পিছত বেলুচিস্তানত স্বাধীনতা আন্দোলন আৰম্ভ হয়। পাকিস্তানে কালাট ৰাজ্য বলপূৰ্বকভাৱে সংযুক্ত কৰাৰ পিছৰে পৰা বেলুচ জাতীয়তাবাদীসকলে সম্পূৰ্ণ স্বাধীনতা আৰু নিজৰ অঞ্চলৰ প্ৰাকৃতিক সম্পদৰ ওপৰত নিয়ন্ত্ৰণৰ বাবে যুঁজ দি আহিছে। ২০০৪ চনৰ পৰা বেলুচিস্তান লিবাৰেচন ফ্ৰণ্ট (বিএলএফ), বেলুচিস্তান লিবাৰেচন ফ্ৰণ্ট (বিএলএফ), বেলুচ ৰিপাব্লিকান আৰ্মি (বিআৰএ) আদি বিদ্ৰোহী গোট সক্ৰিয় হৈ আছে।
ঐতিহাসিকভাৱে ১৯৪৭ চনত কালাট ৰাষ্ট্ৰই স্বাধীনতা ঘোষণা কৰিছিল যদিও ১৯৪৮ চনত পাকিস্তানে বলপূৰ্বকভাৱে ইয়াক নিজৰ অধীনলৈ আনে । বেলুচ বিদ্ৰোহীসকলে স্বাধীনতা, ৰাজনৈতিক স্বায়ত্তশাসন আৰু নিজৰ অঞ্চলৰ প্ৰাকৃতিক সম্পদ (যেনে গেছ আৰু খনিজ)ৰ ওপৰত নিয়ন্ত্ৰণ বিচাৰে। বেলুচ জাতীয়তাবাদীসকলৰ মতে চীন-পাকিস্তান অৰ্থনৈতিক কৰিডৰে (CPEC) তেওঁলোকৰ ভূমি বিদেশী দখল শক্তিশালী কৰে। এই কৰিডৰটো নিৰ্মাণ কৰিব নালাগে। আজি বেলুচিস্তান পাকিস্তানৰ সৰ্ববৃহৎ আৰু কম উন্নত প্ৰদেশ। বেলুচ জাতীয়তাবাদী আৰু ইছলামবাদৰ মাজত সংঘাত অব্যাহত আছে। শোষণ আৰু অৱহেলাৰ বিৰুদ্ধে বেলুচসকলে মাত মাতি আহিছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া