
শ্ৰীনগৰ, ১২ জানুৱাৰী (হি.স.)। সমগ্ৰ কাশ্মীৰত সোমবাৰে নূন্যতম তাপমাত্ৰা উন্নত হয় যদিও হিমশীতল ৰূপ অব্য়াহত আছে। শ্ৰীনগৰ চহৰৰ নূন্যতম তাপমাত্ৰা মাইনাছ ২.৪ ডিগ্ৰী চেলছিয়াছ হৈছিল, আনহাতে গুলমাৰ্গ আৰু পেহেলগামত মাইনাছ ৩.৪ ডিগ্ৰী চেলছিয়াছ। জম্মুত নিশাৰ নূন্যতম উষ্ণতা ৩.৪ ডিগ্ৰী চেলছিয়াছ, কাটৰা চহৰত ৫ ডিগ্ৰী চেলছিয়াছ, বাট’টে ৪.৩ ডিগ্ৰী চেলছিয়াছ, বানিহালত ৫.১ ডিগ্ৰী চেলছিয়াছ, আৰু ভাদেৰৱাহ মাইনাছ ১.২ ডিগ্ৰী চেলছিয়াছ।
বতৰ বিজ্ঞান বিভাগে পূৰ্বাভাস দিছে যে ১১ৰ পৰা ১৫ জানুৱাৰীৰ ভিতৰত আংশিকভাৱে ডাৱৰীয়া হ’ব । কাশ্মীৰ সংমণ্ডলত ১৬ৰ পৰা ১৭ জানুৱাৰীৰ ভিতৰত সাধাৰণতে ডাৱৰীয়া হৈ থাকিব, কিছু অধিক উচ্চতাত লঘু বৰষুণ আৰু বৰফ পৰিব। ১৮ আৰু ১৯ জানুৱাৰীত আংশিকভাৱে ডাৱৰীয়া হোৱাৰ সম্ভাৱনা আছে। ২০ জানুৱাৰীত সাধাৰণতে ডাৱৰীয়া হ’ব আৰু পাতলীয়া বৰষুণ আৰু বৰফ পৰিব পাৰে। ২১ৰ পৰা ২৩ জানুৱাৰীৰ ভিতৰত আংশিকভাৱে ডাৱৰীয়া হ’ব আৰু বিচ্ছিন্নভাৱে লঘু বৰষুণ আৰু বৰফ পৰিব। ইফালে ২৪ৰ পৰা ২৫ জানুৱাৰীৰ ভিতৰত আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব বুলি কোৱা হৈছে ।
পৰামৰ্শ জাৰি কৰি বতৰ বিভাগে উল্লেখ কৰে যে সোমবাৰৰ পৰা বহু ঠাইত নূন্যতম উষ্ণতা ক্ৰমান্বয়ে বৃদ্ধি পাব। বতৰ বিভাগৰ পৰামৰ্শদাতাত উল্লেখ কৰা হৈছে যে অহা পাঁচ দিনত জম্মু সংমণ্ডলৰ ভৈয়ামত মধ্যমীয়া কুঁৱলী আৰু ঘন কুঁৱলী স্থায়ী হোৱাৰ সম্ভাৱনা আছে। জম্মু-কাশ্মীৰ বিশেষকৈ উপত্যকাটোৱে এক চিন্তনীয় পৰিস্থিতিৰ সন্মুখীন হৈছে, কিয়নো বতৰ বিজ্ঞান বিভাগে ২৫ জানুৱাৰীলৈকে বেছিভাগেই শীত আৰু শুষ্ক বতৰৰ পূৰ্বানুমান কৰিছে।
উল্লেখ্য় যে কাশ্মীৰ উপত্য়াকাত ৪০ দিনীয়া কঠোৰ শীতকালক স্থানীয়ভাৱে ‘চিল্লাই কালান’ বুলি জনা যায়। এই গুৰুত্বপূৰ্ণ সময়ছোৱাৰ আধাতকৈ অধিক সময় পাৰ হৈ গ’ল আৰু উপত্যকাৰ সমভূমি অঞ্চলত এতিয়াও ঋতুৰ প্ৰথমো বৰফ পৰা নাই। অহা ৩০ জানুৱাৰীত শেষ হ’ব চিল্লাই কালান। ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত বৰফ পৰাৰ কোনো প্ৰভাৱ নপৰে, কিয়নো ই সোনকালে গলি যায় আৰু পাহাৰৰ বহুবৰ্ষজীৱী পানীৰ মজুত পুনৰ ভৰাই তোলাত সহায় নকৰে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া