খামেনেইৰ পৰা ইৰাণক মুক্ত কৰাৰ ইংগিত আমেৰিকাৰ
তেহৰাণ/ৱাশ্বিংটন, ১১ জানুৱাৰী (হি.স.)। ইৰাণত বিগত বছৰৰ ২৮ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা মুদ্ৰাস্ফীতিৰ বিৰুদ্ধে প্ৰতিবাদে ইছলামিক ৰিপাব্লিকৰ শাসন ব্যৱস্থাক বিচলিত কৰি তুলিছে। সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেই প্ৰতিবাদকাৰীক সংঘৰ্ষকাৰী বুলি লেবেল লগোৱ
ईरान के ताजा सूरत-ए-हाल। फोटो - ईरान इंटरनेशनल


তেহৰাণ/ৱাশ্বিংটন, ১১ জানুৱাৰী (হি.স.)। ইৰাণত বিগত বছৰৰ ২৮ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা মুদ্ৰাস্ফীতিৰ বিৰুদ্ধে প্ৰতিবাদে ইছলামিক ৰিপাব্লিকৰ শাসন ব্যৱস্থাক বিচলিত কৰি তুলিছে। সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেই প্ৰতিবাদকাৰীক সংঘৰ্ষকাৰী বুলি লেবেল লগোৱাত জনসাধাৰণৰ ক্ষোভৰ সৃষ্টি হৈছে। সমগ্ৰ দেশ হিংসাই আৱৰি ধৰিছে। নিৰাপত্তা বাহিনী আৰু সাধাৰণ নাগৰিকৰ মাজত সংঘৰ্ষৰ ফলত ব্যাপক প্ৰাণ আৰু সা-সম্পত্তিৰ ক্ষতি হৈছে। বহু ঠাইত চৰকাৰী সা-সম্পত্তি জুই লগাই দিয়ে। ইফালে হতাহতৰ বাবে উদ্বেগ প্ৰকাশ কৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰাণক খামেনেইৰ পৰা মুক্ত কৰাৰ ইংগিত দিছে।

৪৮ ঘন্টাত কমেও ২০০০ লোকৰ মৃত্যু

ইৰাণ ইণ্টাৰনেশ্যনেলে বিভিন্ন ভিডিঅ’ ফুটেজৰ আধাৰত এক প্ৰতিবেদনত ইৰাণৰ সাম্প্ৰতিক পৰিস্থিতিৰ বিষয়ে বিতংভাৱে উল্লেখ কৰিছে। সূত্ৰৰ উদ্ধৃতিৰে প্ৰকাশ কৰা অনুসৰি সমগ্ৰ দেশতে প্ৰতিবাদকাৰীৰ বিৰুদ্ধে ইৰাণৰ নিৰাপত্তা বাহিনীয়ে মাৰাত্মক শক্তি প্ৰয়োগ কৰি আছে। প্ৰাৰম্ভিক অনুমান অনুসৰি বৃহৎ সংখ্যক লোকৰ মৃত্যু হৈছে। যোৱা ৮ জানুৱাৰীৰ পৰা দেশত বন্ধ হৈ আছে ইণ্টাৰনেট সেৱা। তেহৰাণৰ দক্ষিণে থকা কাহৰিজাকৰ ভিডিঅ’ ফুটেজত অসংখ্য মৃতদেহ দেখা গৈছে। পূৰ্বে পূব তেহৰাণৰ ফাৰ্দিছ, কাৰাজ আৰু আলগাদিৰ হাস্পতালৰ পৰা প্ৰেৰণ কৰা হৈছিল একেধৰণৰ ভিডিঅ’, য’ত মৃতদেহো দেখা গৈছিল। ইৰাণ ইণ্টাৰনেশ্যনেলৰ হিচাপ অনুসৰি বিগত ৪৮ ঘণ্টাত কমেও ২০০০ লোকৰ মৃত্যু হৈছে। উত্তৰ চহৰৰ ৰাষ্টৰ এগৰাকী চিকিৎসকৰ মতে, কেৱল এখন চিকিৎসালয়ত কমেও ৭০টা মৃতদেহ প্ৰেৰণ কৰা হৈছে। পশ্চিম প্ৰদেশ ইলাম আৰু কেৰমানশ্বাহতো হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছে।

অভিভাৱকলৈ সতৰ্কবাণী: যদি আপুনি আপোনাৰ সন্তানৰ জীৱনৰ প্ৰতি যত্ন লয়, তেন্তে তেওঁলোকক ৰাজপথৰ পৰা আঁতৰাই ৰাখক

খবৰ অনুসৰি ইৰাণৰ নেতৃত্বই জনতাৰ ক্ষোভ স্বীকাৰ বা জনসাধাৰণৰ সৈতে জড়িত হোৱাৰ পৰিৱৰ্তে প্ৰতিবাদকাৰীৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে। ৰাজ্যিক টেলিভিছনৰ দাবী যে পৰিস্থিতি সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণত আছে। শুকুৰবাৰে আনকি ৰাজ্যিক টেলিভিছনেও মানুহক ভাবুকি দিছিল, অভিভাৱকসকলক কৈছিল, যদি আপুনি আপোনাৰ সন্তানৰ সুৰক্ষাৰ কথা চিন্তা কৰে, তেন্তে তেওঁলোকক ৰাজপথৰ পৰা আঁতৰাই ৰাখক। ইৰাণৰ সৰ্বাধিক জনপ্ৰিয় চেনেল চেনেল ৩য়ে এই অশান্তিক দেশখনৰ ওপৰত পৰিকল্পিত আক্ৰমণ বুলি অভিহিত কৰিছে। মৌলিক নাগৰিক অধিকাৰৰ দাবীত প্ৰতিবাদকাৰীক গৰিহণা দিয়া হয়। ছবিত দেখা গৈছে যে নিৰাপত্তা বাহিনীয়ে ভিৰৰ ওপৰত কন্দুৱা গেছ আৰু গোলাবাৰুদ নিক্ষেপ কৰিছে। তেহৰানৰ মেয়ৰ আলিৰেজা জাকানীয়ে কয় যে ৰাজধানীত প্ৰতিবাদকাৰীয়ে কেইবা ডজন বাছ আৰু চৰকাৰী ভৱনত জুই লগাই দিয়ে। তেওঁলোক প্ৰতিবাদকাৰী নাছিল বৰঞ্চ সন্ত্রাসবাদী আছিল।

খামেনেই কয়, আমি সৰ্বোতোপ্ৰকাৰে মোকাবিলা কৰিম

ইৰাণৰ চৰকাৰী টেলিভিছনত কালি সৰ্বোচ্চ নেতা আলী খামেনেইৰ দিনজোৰা ভাষণ সম্প্ৰচাৰ কৰা হয়। বিদেশী শত্ৰুৰ হৈ কাম কৰা বুলি প্ৰতিবাদকাৰীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি খামেনেই সৰ্বোতোপ্ৰকাৰে ইয়াৰ মোকাবিলা কৰাৰ শপত লয় । কিছুমান চেনেলত কেৱল প্ৰতিবাদকাৰীৰ হিংসাত্মক ঘটনাহে দেখুৱাইছিল।

শাসন ​​ব্যৱস্থাৰ প্ৰতীকৰ ওপৰত আক্ৰমণঃ

জনতাৰ ক্ষোভ ইমানেই বাঢ়িছে যে তেওঁলোকে শাসন ব্যৱস্থাৰ প্ৰতীকবোৰকো ধ্বংস কৰিবলৈও ইচ্ছুক। ইয়াৰ উদাহৰণ হ’ল ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছৰ প্ৰাক্তন কুদছ ফৰ্চৰ অধিনায়ক কাছেম ছলেমানীৰ প্ৰতিমূৰ্তি ভাঙি ধ্বংস কৰা।

ইৰাণে স্বাধীনতাৰ বাবে আগ্ৰহী: ট্ৰাম্প

শনিবাৰে নিশা আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে নিজৰ ট্ৰুথছ’চিয়েল একাউণ্টত পোষ্ট কৰি কয় যে ইৰানে স্বাধীনতাৰ বাবে আগ্ৰহী। আমেৰিকা সহায় কৰিবলৈ সাজু। ইয়াৰ পূৰ্বে ট্ৰাম্পে ৰিপাব্লিকান চিনেটৰ লিণ্ডচে গ্ৰেহামৰ এটা পোষ্ট ট্ৰুথছ’চিয়েলত পুনৰ পোষ্ট কৰিছিল। ইয়াত তেওঁ প্ৰতিবাদকাৰীক সমৰ্থন কৰাৰ বাবে বিদেশ সচিব মাৰ্কো ৰুবিঅ’ক প্ৰশংসা কৰে আৰু “ইৰাণক আকৌ মহান কৰক” শ্লোগান ব্যৱহাৰ কৰে। গ্ৰেহামে কয় যে, সহায় আহি আছে। ৰাষ্ট্ৰপতি ট্ৰাম্প ইৰাণক মুক্ত কৰিবলৈ সাজু। ইৰাণৰ জনসাধাৰণৰ বাবে স্বাধীনতাৰ সপোন অতি সোনকালে পূৰণ হ'ব। তদুপৰি আমেৰিকাৰ সদনৰ প্ৰতিনিধি ক্লাউডিয়া টেনীয়ে কয় যে, “অনুগ্ৰহ কৰি মোৰ সৈতে যোগ দি ইৰাণৰ সাহসী পুৰুষ-মহিলাসকলে হিংসাত্মক শাসন ব্যৱস্থাৰ বিৰুদ্ধে থিয় দিয়াৰ বাবে প্ৰাৰ্থনা কৰক।” নিউয়ৰ্কৰ ৰিপাব্লিকান প্ৰতিনিধিগৰাকীয়ে তেওঁৰ এক্স একাউণ্টত কয় যে, এজন নিষ্ঠুৰ একনায়কত্ববাদীৰ বিৰুদ্ধে শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰাৰ বাবে পৰিয়ালসমূহে নিজৰ পুত্ৰ-কন্যাক হেৰুৱাইছে। এইটো মৌন হোৱাৰ সময় নহয়। মৌনতাই কেৱল হত্যাকাৰীকহে ক্ষমতা প্ৰদান কৰে।

ইৰাণলৈ বিমান সেৱা বাতিল কৰিছে কেইবাখনো বিমান সংস্থাই:

ফক্স নিউজৰ এক প্ৰতিবেদন অনুসৰি লুফথানছা, ফ্লাইডুবাই, টাৰ্কিছ এয়াৰলাইন্স, এজেট, পেগাছাছ, কাটাৰ এয়াৰৱেজ, অষ্ট্ৰিয়ান এয়াৰলাইন্সকে ধৰি কেইবাটাও বিমান সংস্থাই ইৰাণলৈ বিমান সেৱা বাতিল বা স্হগিত ৰাখিছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande