
বিশ্বনাথ, ১১ জানুৱাৰী (হি.স.): বিশ্বনাথ জিলাৰ বিহালীৰ বালিপুখুৰীত নকল সোণ উদ্ধাৰ কৰা হৈছে। এই সন্দৰ্ভত তিনি জন লোকক আটক কৰা হৈছে।
উল্লেখ্য যে এএছ ০১ জিএইছ ১০৩৫ নম্বৰৰ হুণ্ডাই ক্ৰেটা বাহনত তিনিজন লোকে লক্ষীমপুৰৰ পৰা তেজপুৰ অভিমূখে ২২৭ গ্ৰাম কঢ়িয়াই নিছিল নকল সোণ৷ এক গোপন সূত্ৰৰ পমখেদি বিহালীৰ জিনজিয়া আৰক্ষীয়ে পম খেদি বিহালীৰ বালিপুখুৰীৰ পৰা কালি বিয়লি বাবুল ইছলাম, সুধীৰ তাঁতি আৰু দেৱজিৎ সাগৰক আটক কৰে৷ অধিক তথ্যৰ বাবে জিনজিয়া আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ