
হোজাই, ১১ জানুৱাৰী (হি.স.): হোজাই জিলাৰ লামডিং ৰে'ল ষ্টেচনত যোৱা কালি শনিবাৰে নিশা জব্দ কৰা হয় আনুমানিক প্ৰায় ৪.৫ লক্ষ্য টকাৰ ড্ৰাগছ। লামডিং জিআৰপিএফৰ তৰফৰপৰা ড্ৰাগছৰ বিৰুদ্ধে এ অভিযান চলাইছিল।
ৰে'লৰ সাধাৰণ (Genaral) দবাৰ পৰা প্ৰায় ১ কেজি ১২ গ্ৰাম ড্ৰাগছ জব্দ কৰে। নামুনিয় ১৩১৭৪ শিয়ালদহ কাঞ্চনজংঘা এক্সপ্ৰেছ ট্ৰেইনৰ পৰা জিআৰপিএফৰ অভিযানত জব্দ কৰা হয় বৃহৎ পৰিমানৰ ড্ৰাগছ খিনি। বিভিন্ন ধৰণৰ মাকৈ (কৰ্ণ ফ্লেকছ) পেকেটৰ ভিতৰত আৰু ৯ টা চাবোনৰ বাকচত লৈ গৈ আছিলে এই মাৰাত্মক ড্ৰাগছ খিনি। বৰ্তমান ৰে'ল আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। বৰ্তমানৰ লৈকে কোনো ব্যক্তিক আটক কৰিবলৈ সক্ষম হোৱা নাই।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ