
ঢাকা (বাংলাদেশ), ১১ জানুৱাৰী (হি.স.)। বাংলাদেশৰ জামালপুৰ জিলা কাৰাগাৰত এজন যুৱ কয়দীৰ মৃত্যু হয়। ভাৰপ্ৰাপ্ত অধীক্ষক ইমতিয়াজ জাকাৰিয়াই এই মৃত্যু নিশ্চিত কৰিছে। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ পিছত মৃতদেহ পৰিয়ালক গতাই দিয়াৰ পূৰ্বে আইনী আনুষ্ঠানিকতা সম্পূৰ্ণ কৰা হ’ব বুলিও তেওঁ কয়।
ঢাকা ট্ৰিবিউন কাকতত প্ৰকাশিত এক বাতৰি অনুসৰি জামালপুৰ জিলা কাৰাগাৰত ড্ৰাগছৰ গোচৰত দুবছৰৰ কাৰাদণ্ড ভুগি থকা চুলতান শ্বেখ (৪০)ৰ শনিবাৰে মৃত্যু হয়। তেওঁৰ পিতৃ চাটকু শ্বেখ ইছলামপুৰ মহকুমাৰ নোটাৰকাণ্ডাত থাকে। যোৱা বছৰৰ ১১ ডিচেম্বৰৰ পৰা জিলা কাৰাগাৰত বন্দী হৈ আছিল চুলতান। তেওঁ শ্বাস-প্ৰশ্বাস আৰু ছালৰ ৰোগত আক্ৰান্ত হৈছিল। জামালপুৰ সাধাৰণ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। ৰাতিপুৱা তেওঁৰ অৱস্থা অধিক শোচনীয় হৈ পৰে, খবৰ অনুসৰি অত্যন্ত ঠাণ্ডাৰ বাবেই তেওঁৰ অৱস্থা হয়।
ভাৰপ্ৰাপ্ত অধীক্ষক ইমতিয়াজ জাকাৰিয়াই জানিবলৈ দিয়া মতে, লগে লগে তেওঁক জামালপুৰ সাধাৰণ চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু কৰ্তব্যৰত চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। জাকাৰিয়াই কয় যে এই সন্দৰ্ভত অস্বাভাৱিক মৃত্যুৰ গোচৰ ৰুজু কৰা হ’ব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া