

গুৱাহাটী, ১১ জানুৱাৰী (হি.স.)। বৰ্তমানৰ উচ্চ ন্যায়ালয় ভৱনৰ মৰ্যাদা আৰু ঐতিহাসিক ঐতিহ্য আৰু আধুনিক ন্যায়িক প্ৰয়োজনীয়তাৰ সৈতে খাপ নাখায় বুলি উল্লেখ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। দেওবাৰে উত্তৰ গুৱাহাটীৰ ৰংমহলত সংহত ন্যায়িক আদালত কমপ্লেক্সৰ আধাৰশিলা স্থাপন অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত এই কথা উল্লেখ কৰে।
অসমবাসীৰ বাবে দিনটোক ঐতিহাসিক বুলি অভিহিত কৰি মুখ্যমন্ত্রীয়ে কয় যে নতুন আদালত কমপ্লেক্স নির্মাণৰ সিদ্ধান্ত ব্যাপক বিবেচনা আৰু বিশেষজ্ঞৰ পৰামৰ্শৰ অন্তত লোৱা হৈছে৷ তেওঁ কয় যে ন্যায়াধীশ সন্দীপ মেহতাই আদালত কমপ্লেক্সটো আন স্থানলৈ স্থানান্তৰিত কৰাৰ পৰামৰ্শ দিছিল, তাৰ পিছত ছয়ৰ পৰা সাতটা বিকল্প স্থান পৰিদৰ্শন কৰা হৈছিল।
ড০ শৰ্মাই উল্লেখ কৰে যে ন্যায়াধীশ সন্দীপ মেহতাই নিৰ্বাচিত স্থানসমূহৰ ভিতৰত ৰংমহল স্থানক আটাইতকৈ উপযুক্ত বুলি বিবেচনা কৰিছে, যাৰ ভিত্তিত আধুনিক আৰু সংহত আদালত কমপ্লেক্স নিৰ্মাণৰ সিদ্ধান্ত লোৱা হৈছিল। তেওঁ উল্লেখ কৰে যে এই প্ৰকল্পৰ বাবে ১৪৮ বিঘা মাটি অধিগ্ৰহণ কৰা হৈছে।
স্থানীয় ৰাইজৰ সহযোগিতাৰ প্ৰশংসা কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ৰংমহলৰ জনসাধাৰণে কোনো আপত্তি নোহোৱাকৈ নিজৰ মাটি হস্তান্তৰ কৰিছে। ইয়াৰ দ্বাৰা ন্যায়পালিকাৰ প্ৰতি জনসাধাৰণৰ সন্মান আৰু আস্থা প্ৰতিফলিত হয়।
প্ৰকল্পটোৰ সবিশেষ ভাগ-বতৰা কৰি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে প্ৰস্তাৱিত কমপ্লেক্সটোত ৩১টা আদালত কক্ষ থাকিব। প্ৰায় ৩০০টা অধিবক্তা চেম্বাৰ নিৰ্মাণ কৰা হ’ব, যাৰ ফলত প্ৰায় ২০০০ অধিবক্তাই একেলগে কাম কৰিব পাৰিব। সম্পূৰ্ণ হোৱাৰ লগে লগে এই কমপ্লেক্সত কামৰূপ (গ্ৰাম্য) আৰু কামৰূপ (মেট্ৰ’) জিলাৰ মুঠ ৬৫খন দেৱানী আদালত থাকিব।
এই কমপ্লেক্সত প্ৰায় ১০০০ লোকৰ বহিব পৰাকৈ এটা সভাগৃহও থাকিব। ইয়াৰ উপৰিও ক’ৰ্ট কমপ্লেক্সলৈ চাৰিলেনযুক্ত পথ নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে যাতে উন্নত যাতায়ত হয়।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া