নৱবৰ্ষৰ প্ৰাকক্ষণত নিশা মৰাণত সুৰাপায়ী চালকৰ বিৰুদ্ধে আৰক্ষীৰ তীব্ৰ অভিযান
ব্ৰেথ এনালাইজাৰ লৈ ৰাজপথত নামিল প্ৰশাসন।
নৱবৰ্ষৰ প্ৰাকক্ষণত নিশা মৰাণত সুৰাপায়ী চালকৰ বিৰুদ্ধে আৰক্ষীৰ তীব্ৰ অভিযান


ডিব্ৰুগড়, ০১ জানুৱাৰী (হি.স.): নৱবৰ্ষক আদৰাৰ ব্যাপক প্ৰস্তুতিৰ মাজতে মৰাণত সুৰাপায়ী চালকৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে আৰক্ষী। ৩১ ডিচেম্বৰ অৰ্থাৎ বছৰটোৰ শেষ নিশা যাতে কোনো অঘটন নঘটে তাৰ প্ৰতি লক্ষ্য ৰাখি মৰাণত আৰক্ষী আৰু আবকাৰী বিভাগে চলালে যুটীয়া অভিযান।

নৱবৰ্ষৰ আনন্দ উল্লাসৰ মাজতে সুৰা পান কৰি গাড়ী চলোৱা চালকক ব্ৰেথ এনালাইজাৰ লৈ পৰীক্ষা কৰিলে আৰক্ষীয়ে। বনভোজৰ বাবে যোৱা গাড়ীৰ চালকৰ ওপৰত প্ৰশাসনে বিশেষ দৃষ্টি ৰাখিছে। কাৰণ চালকজনৰ ওপৰতে নিৰ্ভৰ কৰে গাড়ীত থকা আন যাত্ৰীসকলৰ জীৱন। সেয়েহে ৩১ ডিচেম্বৰৰ পাৰ্টী বা বনভোজ খাই উভতিব লগীয়া গাড়ীসমূহক ৰখাই ব্ৰেথ এনালাইজাৰৰ জৰিয়তে পৰীক্ষা কৰা হৈছে। এই অভিযান কেৱল যোৱা কালি বুধবাৰৰ নিশাই নহয়, আজি পহিলা জানুৱাৰীত অধিক তীব্ৰতৰ হ’ব বুলি আৰক্ষীয়ে জানিব দিয়ে। নিজৰ লগতে আনৰ সুৰক্ষাৰ স্বাৰ্থত সকলোকে সতৰ্ক হৈ যান-বাহন চলাবলৈ আহ্বান জনাইছে প্ৰশাসনে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande