(আপডেট) আই চি চি মহিলাৰ এদিনীয়া বিশ্বকাপৰ উদ্বোধনী মেচত বাজিল একমাত্ৰ জুবিন গাৰ্গৰ গীত
গুৱাহাটী, ৩০ ছেপ্টেম্বৰ (হি.স.)। অসম ক্ৰিকেট সন্থাৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হোৱা আই চি চি মহিলা এদিনীয়া বিশ্বকাপৰ উদ্বোধনী খেলখন সদ্য প্ৰয়াত কণ্ঠশিল্পী জুবিন গাৰ্গৰ নামত উৎসৰ্গা কৰা হয়। আই চি চি মহিলাৰ এদিনীয়া বিশ্বকাপৰ উদ্বোধনী অনুষ্ঠান জু
गुवाहाटीः भारत-श्रीलंका के बीच जारी महिला विश्व क्रिकेट मैच का दृश्य


গুৱাহাটী, ৩০ ছেপ্টেম্বৰ (হি.স.)। অসম ক্ৰিকেট সন্থাৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হোৱা আই চি চি মহিলা এদিনীয়া বিশ্বকাপৰ উদ্বোধনী খেলখন সদ্য প্ৰয়াত কণ্ঠশিল্পী জুবিন গাৰ্গৰ নামত উৎসৰ্গা কৰা হয়। আই চি চি মহিলাৰ এদিনীয়া বিশ্বকাপৰ উদ্বোধনী অনুষ্ঠান জুবিনৰ গীতেৰে আলোকিত হৈ পৰে। জয় বৰুৱা, অংগৰাগ ‘পাপন’ মহন্ত,কে ধৰি বিভিন্ন শিল্পীয়ে জুবিনৰ গীত পৰিবেশন কৰে।

জয় বৰুৱাই মায়াবিনী, য়া আলী, আৰু অনামিকা এলবামৰ জনপ্ৰিয় গীত হাঁহিলে তুমি মুকুটা মণি সৰে গাই শ্ৰদ্ধাঞ্জলি জনায়। গীটাৰেৰে মঞ্চত এককভাৱে লোৱা পাপনে মায়া আৰু প্ৰীতিৰ সুবাসৰ দৰে গীত পৰিবেশন কৰে। ইফালে, মেঘালয়ৰ প্ৰখ্যাত শ্বিলং চেম্বাৰ কোৱাৰে জুবিনৰ গীত গাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

বলীউডৰ নাইটিংগেল শ্ৰেয়া ঘোষালে জাতীয় সংগীত গাই প্ৰতিযোগিতা আৰু মেচখন উদ্বোধন কৰে। প্ৰথম ইনিংছৰ অন্তত মঞ্চলৈ উভতি আহিব আৰু প্ৰাৰ্থনা হিচাপে মায়াবিনী গাই জুবিনক শ্ৰদ্ধাঞ্জলি জনাব।

খেলপথাৰত অব্যাহত আছে ভাৰত আৰু শ্ৰীলংকাৰ মাজত খেলখন। অসমৰ উইকেটকীপাৰ উমা ছেত্ৰী দলৰ অংশ, কিন্তু আজিৰ আৰম্ভণিৰ এঘাৰত স্থান লাভ কৰিব নোৱাৰিলে। ৰিচা ঘোষে দলত উইকেটকীপাৰৰ ভূমিকা পালন কৰি আছে।

हिन्दुस्थान समाचार / আলোক চক্ৰৱৰ্তী


 rajesh pande