নতুন দিল্লী, ৩০ ছেপ্টেম্বৰ (হি.স.)। বিশ্ব পেৰা এথলেটিকছ চেম্পিয়নশ্বিপ ২০২৫ত মঙলবাৰে জৱাহৰলাল নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত হৈ থকা পুৰুষৰ ডিস্ক থ্ৰ’ এফ ৫৬ ইভেণ্টত ভাৰতীয় পেৰা এথলীট যোগেশ কথুনিয়াই ৰূপৰ পদক লাভ কৰে।
যোগেশে দ্বিতীয়টো প্ৰচেষ্টাত ৪২.৪৯ মিটাৰ নিক্ষেপ কৰে,। স্বৰ্ণ পদক লাভ কৰা ব্ৰাজিলৰ ক্লাউডিন বাউটিষ্টাৰে ৪৫.৬৭ মিটাৰৰ দলিয়ায়। গ্ৰীচৰ কনষ্টেন্টিনোছ জৌনিছে ৩৯.৯৭ মিটাৰ দূৰত্বত তৃতীয় স্থান লাভ কৰে।
যোগেশৰ এয়া একেৰাহে তৃতীয়টো ৰূপৰ পদক; ২০২৩ আৰু ২০২৪ চনত ফ্ৰান্স আৰু জাপানত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাতো তেওঁ ইয়াক জয় কৰিছিল।
এই প্ৰতিযোগিতাত ভাৰতে এতিয়ালৈকে মুঠ ছটা পদক লাভ কৰিছে, য’ত দুটা সোণ, তিনিটা ৰূপ, আৰু এটা ব্ৰঞ্জৰ পদক আছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া