সাংসদ হেমা মালিনীৰ নেতৃত্বত এন ডি এৰ দলৰ কাৰুৰ ভ্ৰমণ, ঘটনা পৰ্যবেক্ষণ কৰি দলীয় নেতৃত্বক দাখিল কৰিব প্ৰতিবেদন
কইম্বাটুৰ, ৩০ ছেপ্টেম্বৰ (হি.স.)। ভাৰতীয় জনতা পাৰ্টিৰ সাংসদ হেমা মালিনীৰ নেতৃত্বত ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ সাংসদ ৮ জনীয়া এটা প্ৰতিনিধি দল মঙলবাৰে তামিলনাডুৰ কাৰুৰ কাণ্ডৰ স্থানত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। দলটোৱে নিহতসকলৰ পৰিয়ালৰ সৈতে স
N


কইম্বাটুৰ, ৩০ ছেপ্টেম্বৰ (হি.স.)। ভাৰতীয় জনতা পাৰ্টিৰ সাংসদ হেমা মালিনীৰ নেতৃত্বত ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ সাংসদ ৮ জনীয়া এটা প্ৰতিনিধি দল মঙলবাৰে তামিলনাডুৰ কাৰুৰ কাণ্ডৰ স্থানত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। দলটোৱে নিহতসকলৰ পৰিয়ালৰ সৈতে সাক্ষাৎ কৰি সমগ্ৰ ঘটনাটো পৰ্যালোচনা কৰিব, আৰু দলীয় নেতৃত্বক বিতং প্ৰতিবেদন দাখিল কৰিব।

কইম্বাটুৰ বিমানবন্দৰত সাংবাদিকৰ আগত হেমা মালিনীয়ে কয় যে এন ডি এৰ প্ৰতিনিধি দলটোৱে কাৰুৰ ভ্ৰমণ কৰি কি হৈছিল তাৰ তথ্য সংগ্ৰহ কৰিব, নিহতসকলৰ পৰিয়ালক গভীৰ শোক প্ৰকাশ কৰিব আৰু চিকিৎসালয়ত ভৰ্তি হোৱাসকলৰ সৈতে সাক্ষাৎ কৰিব। তাই উল্লেখ কৰে যে স্থানটো পৰিদৰ্শন কৰি ভুক্তভোগীৰ পৰিয়ালৰ সৈতে সাক্ষাৎ কৰাৰ পিছতহে প্ৰকৃত সত্য জানিব পৰা যাব। লগতে কয় যে স্থান পৰিদৰ্শনৰ পিছত দলীয় নেতৃত্বক বিতং প্ৰতিবেদন দাখিল কৰা হ’ব।

সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত দলটোৰ সদস্য় সাংসদ অনুৰাগ ঠাকুৰে কয় যে আমি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনক লগ কৰা নাই। তেওঁ কয় যে এই আঠজনীয়া প্ৰতিনিধি দলটো এন ডি এৰ সকলো দলৰ সাংসদৰে গঠিত। আমি ইয়াত (কাৰুৰ) স্থানীয় ৰাইজক লগ কৰিবলৈ ওলাইছো। আমি সকলো মৃতকৰ পৰিয়ালক লগ কৰিবলৈ ওলাইছো। আহতসকলৰ আশু আৰোগ্য কামনা কৰিলোঁ। আমি সকলোৱে জানিব বিচাৰো কি হ’ল। ভুলটো ক’ত হ’ল?

ইয়াৰ পূৰ্বে সোমবাৰে কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণে কেন্দ্ৰীয় মন্ত্ৰী এল মুৰুগান আৰু তামিলনাডু বিজেপিৰ সভাপতি নৈনাৰ নগেন্দ্ৰনে সংগ দি নিহতসকলৰ পৰিয়ালৰ সৈতে সাক্ষাৎ কৰে। কেন্দ্ৰীয় চৰকাৰে সকলো ধৰণৰ সহায় আগবঢ়াব বুলি আশ্বাস দিয়ে ছানীয়ে। সীতাৰমনে কাৰুৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়তো উপস্থিত হৈ আহতসকলৰ মংগলৰ বিষয়ে সোধা-পোছা কৰে।

দৰাচলতে বিজেপিৰ সভাপতি জে পি নড্ডাই এই প্ৰতিনিধি দল গঠন কৰিছে। ইয়াৰ ভিতৰত আছে বিজেপিৰ সাংসদ অনুৰাগ ঠাকুৰ, তেজস্বী সূৰ্য, ব্রিজলাল, অপৰাজিতা সাৰংগী, ৰেখা শর্মা, শিৱসেনাৰ শ্রীকান্ত শিন্দে, আৰু তেলেগু দেশম পাৰ্টিৰ কে পুত্ত মহেশ কুমাৰ৷ এই সমিতিখন আহ্বান কৰে বিজেপিৰ সাংসদ তথা অভিনেত্ৰী হেমা মালিনীয়ে। দলটোৱে ঘটনাস্থলী পৰিদৰ্শন কৰি পৰিস্থিতিৰ মূল্যায়ন কৰিব আৰু বিশদ প্ৰতিবেদন দাখিল কৰিব।

লক্ষণীয় যে কাৰুৰত অভিনেতা-ৰাজনীতিবিদলৈ পৰিণত হোৱা বিজয়ৰ সমাৱেশৰ সময়ত হোৱা থেলাহেঁচাত ৪১জন লোকৰ মৃত্যু হৈছে৷ এই দুৰ্ঘটনাত ১০০ৰো অধিক লোক আহত হয়। আহতসকলক বিভিন্ন চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰি থকা হৈছে।

body{font-family:Arial,sans-serif;font-size:10pt;}.cf0{font-family:Nirmala UI,sans-serif;font-size:11pt;}

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande