নতুন দিল্লী, ৩০ ছেপ্টেম্বৰ (হি.স.)। অল ইণ্ডিয়া টেনিছ এছ’চিয়েশ্যনে অহা ১৪-১৬ নৱেম্বৰলৈ বেংগালুৰুৰ এছ এম কৃষ্ণ টেনিছ ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া ২০২৫ চনৰ বিলি জিন কিং কাপ প্লে অফৰ বাবে ভাৰতীয় মহিলা দলৰ কথা ঘোষণা কৰিছে । এই সন্মানীয় প্ৰতিযোগিতাৰ প্লে অফৰ আয়োজন কৰা হ’ব ভাৰতে প্ৰথমবাৰৰ বাবে।
দলটোত অভিজ্ঞতা আৰু যুৱক-যুৱতীৰ এক শক্তিশালী মিশ্ৰণ আছে। ইয়াত সহজা যমলাপল্লী, শ্ৰীৱল্লী ভমিদীপতি, অংকিতা ৰাইনা, ৰিয়া ভাটিয়া, আৰু প্ৰাৰ্থনা থোম্বৰে অন্তৰ্ভুক্ত। ৰিজাৰ্ভ খেলুৱৈ হিচাপে নিৰ্বাচিত হৈছে বৈদেহী চৌধাৰী। দলটোৰ অধিনায়ক হ’ব বিশাল উপ্পল, প্ৰশিক্ষক হিচাপে থাকিব ৰাধিকা কানিতকাৰ। অহা ৪ নৱেম্বৰত বেংগালুৰুত দলটোৱে প্ৰশিক্ষণ শিবিৰ আৰম্ভ কৰিব, য’ত জিল দেশাই আৰু শ্ৰুতি আহলাৱাটেও অংশগ্ৰহণ কৰিব। ইফালে, অৰ্হতা ৰাউণ্ডত ৰিজাৰ্ভ দলৰ অংশ হিচাপে থকা যুৱ খেলুৱৈ মায়া ৰাজেশ্বৰক চূড়ান্ত দলত অন্তৰ্ভুক্ত হোৱা নাই।
ভাৰতে গ্ৰুপ জিত স্থান পাইছে, য’ত স্লোভেনিয়া আৰু সপ্তম ছিড নেদাৰলেণ্ডৰ বিৰুদ্ধে খেলিব। গ্ৰুপ পৰ্যায়ত ৰাউণ্ড ৰবিন ফৰ্মেট অনুষ্ঠিত হ’ব, য’ত বিজয়ীয়ে ২০২৬ চনৰ বিলি জিন কিং কাপ কোৱালিফায়াৰত স্থান লাভ কৰিব। বাকী দুটা দলে পৰৱৰ্তী ছিজনৰ বাবে নিজ নিজ আঞ্চলিক গ্ৰুপ I ইভেণ্টলৈ উভতি আহিব।
ইয়াৰ পূৰ্বে ২০২৫ চনৰ এপ্ৰিল মাহত পুনেত অনুষ্ঠিত এছিয়া-অ’চেনিয়া গ্ৰুপ I প্ৰতিযোগিতাত ভাৰতে ভাল প্ৰদৰ্শন আগবঢ়াইছিল।দলটোৱে কোৰিয়া ৰিপাব্লিকক ২-১ গ’লত পৰাস্ত কৰি দ্বিতীয় স্থান দখল কৰি প্লে অফৰ বাবে যোগ্যতা অৰ্জন কৰিছিল। সেই সময়ত ভাৰতে নিউজিলেণ্ডৰ পিছতে দ্বিতীয় স্থান দখল কৰিছিল।
পূৰ্বে ফেড কাপ নামেৰে জনাজাত বিলি জিন কিং কাপক মহিলা টেনিছৰ বিশ্বকাপ বুলি গণ্য কৰা হয়। ই বিশ্বৰ শীৰ্ষ খেলুৱৈসকলক দলীয় ফৰ্মেটত একত্ৰিত কৰে আৰু ইয়াৰ প্ৰতিপত্তি পুৰুষৰ ডেভিছ কাপৰ সৈতে তুলনাযোগ্য।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া