গুৱাহাটী, ৩০ ছেপ্টেম্বৰ (হি.স.)।আজি বিয়লি ৩ বজাৰ পৰা গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত মহিলা বিশ্বকাপৰ প্ৰথমখন খেল আৰম্ভ হয়। ইয়াৰ পূৰ্বে অমৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতিত এক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছিল, য’ত তেওঁৰ গীতৰ জৰিয়তে তেওঁক শ্ৰদ্ধাঞ্জলি জনোৱা হৈছিল।
ইফালে বৰষুণৰ বাবে বিয়লি ৩:৩৭ বজাত খেল বন্ধ হৈ পৰে। এঘণ্টাৰো অধিক সময় খেল বন্ধ হৈ থাকিল। বৰষুণ বন্ধ হৈ খেলপথাৰৰ পৰা পানী নিষ্কাশন কৰাৰ পিছত সন্ধিয়া ৫ বজাৰ ওচৰত পুনৰ খেল আৰম্ভ হয়। খবৰ অনুসৰি বৰষুণৰ ফলত পলম হোৱাৰ বাবে খেলখন ৫০ অভাৰৰ পৰিৱৰ্তে ৪৮ অভাৰলৈ হ্ৰাস পাইছে।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ