নতুন দিল্লী, ৩০ ছেপ্টেম্বৰ (হি.স.)। এছিয়ান ডেভেলপমেণ্ট বেংকে চলিত বিত্তীয় বৰ্ষ ২০২৫-২৬ত ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন (জিডিপি) বৃদ্ধিৰ হাৰ ৬.৫ শতাংশ হ’ব বুলি অনুমান কৰিছে। ভাৰতীয় সামগ্ৰীৰ ওপৰত আমেৰিকাৰ শুল্কৰ প্ৰভাৱ দ্বিতীয় ত্ৰৈমাসিকত পৰিব, যাৰ ফলত বৃদ্ধিৰ গতি মন্থৰ হ’ব বুলি এডিবিয়ে প্ৰকাশ কৰে।
মঙলবাৰে প্ৰকাশ পোৱা এছিয়ান ডেভেলপমেণ্ট আউটলুক (এডিবি)ত এডিবিয়ে কয় যে প্ৰথম ত্ৰৈমাসিকত ৭.৮ শতাংশ শক্তিশালী বৃদ্ধিৰ হাৰ থকাৰ পিছতো চলিত বিত্তীয় বৰ্ষ ২০২৫-২৬ত ভাৰতৰ অৰ্থনীতি ৬.৫ শতাংশ হাৰত বৃদ্ধি হোৱাৰ প্ৰকল্প কৰা হৈছে। এডিবিয়ে কয় যে ভাৰতীয় ৰপ্তানিৰ ওপৰত আমেৰিকাৰ শুল্কৰ প্ৰভাৱে দ্বিতীয়াৰ্ধত সম্ভাৱনা বিশেষভাৱে স্তিমিত কৰিব। ইয়াৰ পূৰ্বে এপ্ৰিল মাহত এডিবিয়ে এছিয়ান ডেভেলপমেণ্ট আউটলুকত ভাৰতৰ জিডিপি বৃদ্ধিৰ হাৰ প্ৰক্ষেপ কৰিছিল। জুলাই মাহৰ প্ৰতিবেদনত ভাৰতৰ পৰা ৰপ্তানি কৰা সামগ্ৰীৰ ওপৰত আমেৰিকাই ৫০ শতাংশ শুল্ক আৰোপ কৰাৰ উদ্বেগৰ বাবে অৰ্থনৈতিক বৃদ্ধিৰ পূৰ্বাভাস ৬.৫ শতাংশলৈ হ্ৰাস কৰিছিল।
এছিয়ান ডেভেলপমেণ্ট বেংকে এডিঅ’ত উল্লেখ কৰিছে যে চলিত বিত্তীয় বৰ্ষ ২০২৫-২৬ৰ প্ৰথম ত্ৰৈমাসিকত (এপ্ৰিল-জুন) জিডিপি ৭.৮ শতাংশত শক্তিশালীভাৱে বৃদ্ধি পাইছে, কাৰণ খৰচ আৰু চৰকাৰী ব্যয়ৰ উন্নতি হৈছে। অৱশ্যে ভাৰতীয় ৰপ্তানিৰ ওপৰত আমেৰিকাৰ অতিৰিক্ত শুল্কে বিশেষকৈ চলিত বিত্তীয় বৰ্ষ ২০২৫-২৬ৰ দ্বিতীয়াৰ্ধ আৰু ২০২৬-২৭ বিত্তীয় বৰ্ষত বৃদ্ধিৰ গতি স্তিমিত কৰিব। এছিয়ান ডেভেলপমেণ্ট আউটলুক প্ৰতিবেদন অনুসৰি শুল্ক আৰোপ কৰাৰ ফলত ৰপ্তানি হ্ৰাস পোৱাৰ ফলত চলিত বিত্তীয় বৰ্ষ ২০২৫-২৬ আৰু ২০২৬-২৭ দুয়োটাতে ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন (জিডিপি)ত প্ৰভাৱ পৰিব। ফলত এপ্ৰিল মাহত পূৰ্বে অনুমান কৰাতকৈ নিকা ৰপ্তানি দ্ৰুতগতিত হ্ৰাস পাব। তদুপৰি প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে কৰ ৰাজহ বৃদ্ধিৰ গতি মন্থৰ হোৱাৰ বাবে বিত্তীয় ঘাটিয়ে বাজেটৰ অনুমান অনুসৰি জিডিপিৰ ৪.৪ শতাংশ অতিক্ৰম কৰাৰ সম্ভাৱনা আছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া