নতুন দিল্লী, ৩০ ছেপ্টেম্বৰ (হি.স.)। ৰাষ্ট্ৰীয় ৰাজধানী আৰু ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলত মঙলবাৰে হোৱা প্ৰবল বৰষুণে আৰ্দ্ৰতা আৰু গৰমৰ পৰা সকাহ দিয়ে। বতৰ বিভাগে সাধাৰণতে ডাৱৰীয়া আকাশ আৰু গোটেই দিনটো অবিৰত বৰষুণৰ পূৰ্বাভাস প্ৰকাশ কৰিছে।
আজি দিল্লী, গাজিয়াবাদ, আৰু নয়ডাত প্ৰচণ্ড বৰষুণ হোৱাৰ ফলত বহু অঞ্চলত পানী জমা হয়। ফিৰোজেশ্বাহ পথ আৰু পেটেল চক মেট্ৰ’ ষ্টেচনকে ধৰি বিভিন্ন অঞ্চলত পানী জমা হোৱাৰ বাবে যাতায়ত ব্যাহত হৈ পৰে।
ভাৰতৰ বতৰ বিজ্ঞান বিভাগে এক পূৰ্বাভাস প্ৰকাশ কৰি গুৰুগ্ৰাম আৰু ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ অন্যান্য অঞ্চলত আগন্তুক দুই-তিনি ঘন্টাৰ ভিতৰত প্ৰচণ্ড বৰষুণৰ সম্ভাৱনা আছে। তদুপৰি অহা ছয় ঘণ্টাৰ ভিতৰত নয়ডা, গাজিয়াবাদ, ফৰিদাবাদ, পিতামপুৰা, বাঘপাট, আৰু হাৰিয়ানাৰ ঝজ্জাৰ, ৰোহটক, আৰু ভীৱানীত ধুমুহাৰ সৈতে প্ৰচণ্ড বৰষুণ হোৱাৰ সম্ভাৱনা আছে।
হঠাৎ হোৱা বৰষুণে গৰম আৰু আৰ্দ্ৰতাৰ পৰা সকাহ দিছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া