- অলংকাৰ বজাৰত ৰূপৰ দাম অতিক্ৰম কৰিলে ১.৫ লাখ টকা
নতুন দিল্লী, ৩০ ছেপ্টেম্বৰ (হি.স.)। ঘৰুৱা অলংকাৰ বজাৰত পুনৰবাৰ শক্তিৰ নতুন অভিলেখ গঢ়িলে সোণ-ৰূপে। আজিৰ ব্যৱসায়ত সোণৰ মূল্য ৮৭০ টকাৰ পৰা ৯৪০ টকাৰ ভিতৰত বৃদ্ধি পাইছে। একেদৰে ১.৫০ লাখ টকাৰ সীমা অতিক্ৰম কৰি প্ৰতি কিলোগ্ৰাম ৰূপত ১২০০ টকা বৃদ্ধি পাইছে।
আজিৰ এই বৃদ্ধিৰ বাবে দেশৰ প্ৰায়বোৰ অলংকাৰ বজাৰত ২৪ কেৰেটৰ সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,১৬,৪১০ টকাৰ পৰা ১,১৬,৫৬০ টকাৰ ভিতৰত ব্যৱসায় কৰা হৈছে। একেদৰে ২২ কেৰেটৰ সোণৰ বিক্ৰী প্ৰতি ১০ গ্ৰামত ১,০৬,৭১০ টকাৰ পৰা ১,০৬,৮৬০ টকাৰ ভিতৰত বিক্ৰী হৈছে। ইফালে ৰূপৰ মূল্যবৃদ্ধিৰ বাবে এই চিকচিকিয়া ধাতুটো আজি দিল্লীৰ অলংকাৰ বজাৰত প্ৰতি কিলোগ্ৰামত ১,৫০,১০০ টকাত বিক্ৰী কৰা হৈছে।
দিল্লীত ২৪ কেৰেট সোণৰ মূল্য ১,১৬,৫৬০ টকা প্ৰতি ১০ গ্ৰামত বিক্ৰী হোৱাৰ বিপৰীতে ২২ কেৰেট সোণৰ মূল্য ১,০৬,৮৬০ টকা প্ৰতি ১০ গ্ৰামত ৰেকৰ্ড কৰা হৈছে। দেশৰ বিত্তীয় ৰাজধানী মুম্বাইত ২৪ কেৰেটৰ সোণ ১০ গ্ৰামত ১,১৬,৪১০ টকা আৰু ২২ কেৰেটৰ সোণ ১,০৬,৭১০ টকা প্ৰতি ১০ গ্ৰামত বিক্ৰী হৈছে। একেদৰে আহমেদাবাদত ২৪ কেৰেট সোণৰ খুচুৰা মূল্য প্ৰতি ১০ গ্ৰামত ১,১৬,৪৬০ টকা আৰু ২২ কেৰেট সোণৰ মূল্য ১,০৬,৭৬০ টকা।
এই ডাঙৰ চহৰসমূহৰ বাহিৰেও আজি চেন্নাইত ২৪ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ১,১৬,৪১০ টকা আৰু ২২ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ১,০৬,৭১০ টকা। কলকাতাত ২৪ কেৰেট সোণৰ দাম প্ৰতি ১০ গ্ৰামত ১,১৬,৪১০ টকা আৰু ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,০৬,৭১০ টকা।
লক্ষ্ণৌৰ অলংকাৰ বজাৰত আজি ২৪ কেৰেটৰ সোণ ১০ গ্ৰামত ১,১৬,৫৬০ টকা আৰু ২২ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামত ১,০৬,৮৬০ টকা। পাটনাত ২৪ কেৰেটৰ সোণৰ প্ৰতি ১০ গ্ৰামত ১,১৬,৪৬০ টকাত বিক্ৰী হোৱাৰ বিপৰীতে ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ১,০৬,৭৬০ টকাত বিক্ৰী হৈছে। জয়পুৰত ২৪ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ১,১৬,৫৬০ টকা আৰু ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ১,০৬,৮৬০ টকাত বিক্ৰী হৈছে।
দেশৰ আন ৰাজ্যৰ দৰে কৰ্ণাটক, তেলেংগানা, ওড়িশাৰ অলংকাৰ বজাৰতো সোণৰ মূল্য বৃদ্ধি পাইছে। এই তিনিখন ৰাজ্যৰ ৰাজধানী বেংগালুৰু, হায়দৰাবাদ, ভুৱনেশ্বৰত ২৪ কেৰেটৰ সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,১৬,৪১০ টকা। একেদৰে এই তিনিখন চহৰৰ অলংকাৰ বজাৰত ২২ কেৰেটৰ সোণৰ বিক্ৰী প্ৰতি ১০ গ্ৰামত ১,০৬,৭১০ টকাত বিক্ৰী হৈছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া