নতুন দিল্লী, ৩০ ছেপ্টেম্বৰ (হি.স.)। ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ নেতা অধ্যাপক বিজয় কুমাৰ মালহোত্ৰাৰ অন্ত্য়েষ্টিক্ৰিয়া বুধবাৰে বিয়লি ইয়াৰ লোধি ৰোড শ্মশানত সম্পন্ন কৰা হ’ব বুলি বিজেপিয়ে এক বিবৃতিত প্ৰকাশ কৰিছে।
দলটোৰ মতে, মঙলবাৰে দিনৰ ১২ বজাত ১৪ পণ্ট মাৰ্গত থকা দিল্লী ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত তেওঁৰ মৃতদেহ ৰখা হয়, য’ত দলীয় কৰ্মী, সমৰ্থক, আৰু বিশিষ্ট ব্যক্তিসকলে শ্ৰদ্ধাঞ্জলি জনাইছে।
ইয়াৰ পূৰ্বে পুৱা ৮:৪৫ বজাত অধ্যাপক মালহোত্ৰাৰ মৃতদেহ গুৰুদ্বাৰা ৰাকবগঞ্জ ৰোডৰ ২১ নং চৰকাৰী বাসগৃহলৈ অনা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তা,কে ধৰি কেইবাগৰাকীও বিজেপিৰ জ্যেষ্ঠ নেতাই শ্ৰদ্ধাঞ্জলি জনাবলৈ উপস্থিত হয়।
দিল্লীৰ অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্সত চিকিৎসাধীন অৱস্থাত মঙলবাৰে পুৱা দিল্লী ৰাজ্যিক বিজেপিৰ প্ৰথম সভাপতি অধ্যাপক মালহোত্ৰাৰ মৃত্যু হয়। তেওঁৰ বয়স আছিল ৯৩ বছৰ। অধ্যাপক মালহোত্ৰা দিল্লীৰ পৰা পাঁচবাৰৰ সাংসদ আৰু দুবাৰৰ বিধায়ক আছিল। ১৯৯৯ চনৰ লোকসভা নিৰ্বাচনত দক্ষিণ দিল্লীৰ কংগ্ৰেছ প্ৰাৰ্থী ড° মনমোহন সিঙক পৰাস্ত কৰিছিল। তেওঁ ১৯৮০ চনত দিল্লীৰ প্ৰথম ৰাজ্যিক সভাপতি হিচাপে পৰিগণিত হয়।
উল্লেখ্য় যে ১৯৩১ চনৰ ৩ ডিচেম্বৰত পঞ্জাৱ (বৰ্তমানৰ পাকিস্তান)ৰ লাহোৰত জন্মগ্ৰহণ কৰিছিল অধ্যাপক মালহোত্ৰাই ।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া