আৰ্চাৰী প্ৰিমিয়াৰ লীগ মোৰ অলিম্পিক সপোনৰ সেতু হ’ব পাৰে – দীপিকা কুমাৰী
নতুন দিল্লী, ৩০ ছেপ্টেম্বৰ (হি.স.)। ভাৰতৰ তাৰকা আৰ্চাৰ তথা বিশ্বৰ প্ৰাক্তন এক নম্বৰ দীপিকা কুমাৰীয়ে আগন্তুক আৰ্চাৰী প্ৰিমিয়াৰ লীগ (এ পি এল)ক ভাৰতীয় আৰ্চাৰীৰ বাবে এক ঐতিহাসিক পদক্ষেপ বুলি অভিহিত কৰিছে। দীপিকাই বিশ্বাস কৰে যে এই পেছাদাৰী ফ্ৰেঞ্চাইজ
भारतीय तीरंदाज दीपिका कुमारी


নতুন দিল্লী, ৩০ ছেপ্টেম্বৰ (হি.স.)। ভাৰতৰ তাৰকা আৰ্চাৰ তথা বিশ্বৰ প্ৰাক্তন এক নম্বৰ দীপিকা কুমাৰীয়ে আগন্তুক আৰ্চাৰী প্ৰিমিয়াৰ লীগ (এ পি এল)ক ভাৰতীয় আৰ্চাৰীৰ বাবে এক ঐতিহাসিক পদক্ষেপ বুলি অভিহিত কৰিছে।

দীপিকাই বিশ্বাস কৰে যে এই পেছাদাৰী ফ্ৰেঞ্চাইজি ভিত্তিক প্ৰতিযোগিতাই তেওঁক বিশ্বৰ শ্ৰেষ্ঠ খেলুৱৈৰ সৈতে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ সুযোগ প্ৰদান কৰিব, যিয়ে ২০২৮ চনত লছ এঞ্জেলছ অলিম্পিকত পদক লাভ কৰাৰ প্ৰস্তুতিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

২০২৮ চনত পঞ্চম আৰু অন্তিম অলিম্পিকত খেলাৰ সম্ভাৱনা আছে দীপিকাই কয় যে এ পি এলৰ দৰে প্ৰতিযোগিতাসমূহ তেওঁৰ খেলৰ উন্নতি আৰু তেওঁৰ “চূড়ান্ত লক্ষ্য”ত উপনীত হোৱাৰ বাবে অতি গুৰুত্বপূৰ্ণ।

তেওঁ এক বিবৃতিত কয়, লছ এঞ্জেলছ ২০২৮ মোৰ আটাইতকৈ ডাঙৰ লক্ষ্য। মই সদায় অলিম্পিকৰ প'ডিয়ামত থিয় হোৱাৰ সপোন দেখি আহিছো, আৰু মই বিশ্বাস কৰোঁ যে আৰ্চাৰী প্ৰিমিয়াৰ লীগে সেই সপোন পূৰণৰ অনুঘটক হ'ব। এই লীগে আমাক অলিম্পিকত অনুভৱ কৰা একে ধৰণৰ চাপ আৰু পৰিৱেশ প্ৰদান কৰিব— ভৰ্তি ষ্টেডিয়াম, প্ৰতিটো কাঁড়ৰ হিচাপত, আৰু বিশ্বৰ শ্ৰেষ্ঠ খেলুৱৈৰ বিৰুদ্ধে প্ৰতিযোগিতা। এনে পৰিৱেশ খেলিলে মোক আৰু শক্তিশালী কৰি তুলিব।

ভাৰতত ধনুৰ্বিদৰ মুখ হিচাপে গণ্য কৰা দীপিকাই বিগত দশক ধৰি ধাৰাবাহিকভাৱে দেশৰ পতাকা উত্তোলন কৰি আহিছে। জামছেদপুৰৰ পৰা আন্তঃৰাষ্ট্ৰীয় মঞ্চলৈ তেওঁৰ যাত্ৰা অগণন যুৱক-যুৱতীৰ বাবে প্ৰেৰণাদায়ক হৈ পৰিছে। একাধিকবাৰ বিশ্ব ১ নং ৰেংকিঙত অধিষ্ঠিত হোৱা দীপিকাই বিশ্বকাপৰ অসংখ্য পদক অৰ্জন কৰিছে। পদ্মশ্ৰী আৰু অৰ্জুন বঁটাৰে সন্মানিত হৈছে।

দীপিকাই কয় যে এ পি এলত আমেৰিকাৰ কিংবদন্তি তথা বহুবিধ অলিম্পিক পদক বিজয়ী ব্ৰেডী এলিছনৰ দৰে তাৰকাৰ সৈতে খেলিলে অপৰিসীম অভিজ্ঞতা লাভ কৰিব।

ভাৰতীয় আৰু আন্তঃৰাষ্ট্ৰীয় ধনুৰ্বিদসকল যেতিয়া একেটা দলতে থাকিব তেতিয়া আমি প্ৰশিক্ষণৰ পদ্ধতি, কৌশল, মানসিকতা ভাগ কৰিম।এইটোৱেই হৈছে বাৰ উন্নীত কৰাৰ উপায়।আমি ইজনে সিজনক কেনেকৈ ভাল কৰিম সেই বিষয়ে মই উৎসাহিত।”

ব্যক্তিগত লক্ষ্যৰ বাহিৰলৈ গৈ দীপিকাই জোৰ দি কয় যে এ পি এল তৃণমূল পৰ্যায়ৰ প্ৰতিভাৰ বাবেও বৈপ্লৱিক হ’ব।

'আৰ্চাৰী এটা ব্যয়বহুল খেল। গাঁৱে-ভূঞে বহু প্ৰতিভাশালী ল'ৰা-ছোৱালী আছে, কিন্তু তেওঁলোকৰ সামৰ্থ্য নাই সঁজুলি আৰু একাডেমীৰ। সঠিক দিশত নিৰ্দেশিত বৃহৎ কোম্পানী আৰু চি এছ আৰ ফাণ্ডৰ বিনিয়োগে এই বাধা ভাঙি পেলাব।এই লীগে যুৱক-যুৱতীসকলৰ বাবে কেৱল এক মঞ্চ প্ৰদান কৰাই নহয়, কেৰিয়াৰ গঢ়ি তোলাৰ সুযোগো প্ৰদান কৰিব।

দীপিকাই লগতে কয় যে এই লীগে ভাৰতত ধনুৰ্বিদৰ স্বীকৃতি লাভ কৰাত সহায় কৰিব।

তেওঁ কয়, আমাৰ সংস্কৃতিত ধনুৰ্বিদৰ এক চহকী ইতিহাস আছে, কিন্তু ইয়াক অতি কম সংখ্যক লোকেহে বুজি পায়। টিভি, বিজ্ঞাপন, আৰু ছ'চিয়েল মিডিয়াৰ জৰিয়তে লীগে ইয়াক জনপ্ৰিয় কৰি তুলিব আৰু নতুন প্ৰজন্মক অনুপ্ৰাণিত কৰিব।মানুহে আমাক যিমানেই চিনি পাব সিমানেই শিশুৱে ধনুৰ্বিদ হোৱাৰ সপোন দেখিব।

২ অক্টোবৰৰ পৰা আৰম্ভ হ’বলগীয়া আৰ্চাৰী প্ৰিমিয়াৰ লীগত ভাৰত আৰু বিশ্বৰ শীৰ্ষ আৰ্চাৰসকলে অংশগ্ৰহণ কৰিব। এই প্ৰতিযোগিতাখন ফ্ৰেঞ্চাইজি মডেলৰ ওপৰত ভিত্তি কৰি অনুষ্ঠিত হ’ব, য’ত ৰিকাৰ্ভ আৰু কম্পাউণ্ড দুয়োটা ইভেণ্ট অনুষ্ঠিত হ’ব। দৰ্শকৰ বাবে ইয়াক ৰোমাঞ্চকৰ কৰি তুলিবলৈ দ্ৰুত গতিৰ ফৰ্মেট আৰু নতুন নিয়ম প্ৰৱৰ্তন কৰা হৈছে।

দীপিকাৰ বাবে এইখন কেৱল প্ৰতিযোগিতা নহয়, আত্মবিশ্বাসৰ নৱীকৃত ভাৱ। তেখেতে কয় যে, এপিএল হৈছে সেই দলং যিয়ে আমাক আজি য'ত আছো তাৰ পৰা আমাৰ অলিম্পিকৰ সপোনলৈ লৈ যাব। ই আমাক আগবাঢ়ি যাবলৈ পৰিৱেশ, প্ৰত্যাহ্বান আৰু প্ৰেৰণা প্ৰদান কৰিব।

প্ৰাইমটাইম ইভিনিং স্লটৰ সময়ত দিল্লীৰ যমুনা স্প’ৰ্টছ কমপ্লেক্সত ২ অক্টোবৰৰ পৰা ১২ অক্টোবৰলৈ অনুষ্ঠিত হ’ব আৰ্চাৰী প্ৰিমিয়াৰ লীগ।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande