নতুন দিল্লী, ৩০ ছেপ্টেম্বৰ (হি স)। তামিলনাডুৰ কাৰুৰত মঙলবাৰে পুৱা উপস্থিত হৈ নেশ্যনেল ডেম’ক্ৰেটিক এলায়েন্স (এন ডি এ)ৰ আঠজনীয়া তথ্য সন্ধানী দলটোৱে নিহতসকলৰ পৰিয়ালৰ সৈতে সাক্ষাৎ কৰে। সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ঘটনাস্থলীত উপস্থিত হোৱা সাংসদ অনুৰাগ ঠাকুৰে কয় যে, আমি ইয়াত ইমানবোৰ লোকৰ প্ৰাণ কাঢ়ি নিয়া থেলাহেঁচাৰ কাৰণসমূহৰ বিষয়ে কৰ্তৃপক্ষৰ পৰা তথ্য বিচাৰি আহিছো। আমি নিশ্চিত কৰিব বিচাৰো যে ভৱিষ্যতে এনে কাণ্ড সংঘটিত নহয় আৰু ইয়াৰ বাবে দায়ীসকলক চিনাক্ত কৰা হয়।
ইয়াৰ পূৰ্বে সোমবাৰে ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ এটা দল গঠন কৰি তামিলনাডুৰ কাৰুৰত সংঘটিত হুলস্থুলৰ তদন্ত কৰে। দলটোৱে কাৰুৰ ভ্ৰমণ কৰি দুৰ্ঘটনাৰ কাৰণ হোৱা পৰিস্থিতিৰ তদন্ত কৰিব। প্ৰতিনিধি দলৰ সদস্যসকলে নিহতসকলৰ পৰিয়ালৰ সৈতেও বৈঠকত মিলিত হ’ব।
এই দলৰ আহ্বায়ক হিচাপে সাংসদ হেমা মালিনীক নিযুক্তি দিয়াৰ বিপৰীতে অনুৰাগ ঠাকুৰ, তেজস্বী সূৰ্য, ব্রিজলাল, শিৱসেনাৰ সাংসদ শ্ৰীকান্ত শিন্দে, সাংসদ অপৰাজিতা সাৰংগী, সাংসদ ৰেখা শৰ্মা, আৰু তেলেগু দেশম পাৰ্টিৰ পুত্ত মহেশ কুমাৰক সদস্য হিচাপে নিযুক্তি দিয়া হৈছে।
উল্লেখ্য় যে ২৭ ছেপ্টেম্বৰত টিভিকে (তামিলনাডু ভেট্ৰি কাঝাগাম)ৰ মুৰব্বী তথা অভিনেতা বিজয়ে অংশগ্ৰহণ কৰা ৰাজহুৱা অনুষ্ঠানৰ সময়ত ৪০ জন লোকে থেলাহেঁচাৰ ফলত প্ৰাণ হেৰুৱাইছিল।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া