ইউক্ৰেইনৰ বাবে টমাহক মিছাইলৰ কথা বিবেচনা কৰি আছে আমেৰিকা: জে.ডি
ৱাশ্বিংটন, ২৯ ছেপ্টেম্বৰ (হি.স.)। আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্সে দেওবাৰে কয় যে ৰাছিয়াৰ বিৰুদ্ধে দীৰ্ঘ দূৰত্বৰ টমাহক ক্ষেপণাস্ত্ৰ অধিগ্ৰহণৰ বাবে ইউক্ৰেইনৰ অনুৰোধৰ বিষয়ে তেওঁৰ দেশে বিবেচনা কৰি আছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ইউক্ৰেইনৰ ৰাষ্ট্ৰপ
ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন, আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্প আৰু ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিৰ ফাইল ফটো


ৱাশ্বিংটন, ২৯ ছেপ্টেম্বৰ (হি.স.)। আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্সে দেওবাৰে কয় যে ৰাছিয়াৰ বিৰুদ্ধে দীৰ্ঘ দূৰত্বৰ টমাহক ক্ষেপণাস্ত্ৰ অধিগ্ৰহণৰ বাবে ইউক্ৰেইনৰ অনুৰোধৰ বিষয়ে তেওঁৰ দেশে বিবেচনা কৰি আছে।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমাইৰ জেলেনস্কিয়ে আমেৰিকাক ইউৰোপীয় দেশসমূহক ট’মাহক ক্ষেপণাস্ত্ৰ বিক্ৰী কৰিবলৈ অনুৰোধ জনাইছে যাতে তেওঁলোকে ইউক্ৰেইনলৈ প্ৰেৰণ কৰিব পাৰে।

ইফালে, দেওবাৰে ফক্স নিউজত ভেন্সে কয় যে এই চুক্তিত অনুমোদন জনোৱাৰ ক্ষেত্ৰত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে চূড়ান্ত সিদ্ধান্ত ল’ব।

ইউৰোপীয় দেশসমূহৰ পৰা অহা কেইবাটাও অনুৰোধৰ বিষয়ে আমি নিশ্চিতভাৱে বিবেচনা কৰি আছো বুলিও তেওঁ কয়। এই ক্ষেপণাস্ত্ৰসমূহৰ ৰেঞ্জ ২৫০০ কিলোমিটাৰ, যাৰ ফলত ইউক্ৰেইনক মস্কোক লক্ষ্য কৰি লোৱাৰ ক্ষমতা লাভ কৰিব।

ইউক্ৰেইনৰ বাবে আমেৰিকাৰ বিশেষ দূত কিথ কেলগে কয় যে ট্ৰাম্পে ইংগিত দিছে যে ইউক্ৰেইনক এতিয়া ৰাছিয়াৰ বিৰুদ্ধে দীৰ্ঘ দূৰত্বৰ আক্ৰমণ চলাবলৈ অনুমতি দিয়া উচিত। ভ্যান্সে লগতে কয় যে ইউক্ৰেইনৰ বিৰুদ্ধে ৰাছিয়াৰ আগ্ৰাসন বন্ধ হৈ গৈছে আৰু শেহতীয়াকৈ কোনো উল্লেখযোগ্য “ভূখণ্ডীয়” লাভ কৰা নাই। তেওঁ কয় যে আমি আৰম্ভণিৰে পৰাই সক্ৰিয়ভাৱে শান্তি বিচাৰি আহিছো। এতিয়া ৰাছিয়াই চকু মেলি বাস্তৱক গ্ৰহণ কৰিব লাগিব।’ ইউক্ৰেইনত সঘনাই ৰাছিয়াৰ ক্ষেপণাস্ত্ৰ আৰু ড্ৰোন আক্ৰমণৰ সন্মুখীন হোৱাৰ সময়ত এই বক্তব্য প্ৰকাশ কৰিছে।

বিশেষজ্ঞসকলৰ মতে টমাহক ক্ষেপণাস্ত্ৰই ইউক্ৰেইনৰ প্ৰতিৰক্ষা ক্ষমতা শক্তিশালী কৰিব। টমাহক হৈছে ২৫০০ কিলোমিটাৰ পৰ্যন্ত ৰেঞ্জ আৰু ৪৫০ কিলোগ্ৰাম পৰ্যন্ত ৱাৰহেডযুক্ত চাবছনিক ক্ৰুজ মিছাইল। ইউৰোপৰ পৰা উৎক্ষেপণ কৰা এইটোৱে মস্কো আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহলৈ যাব পাৰে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande