ভাৰতৰ সৈতে বাণিজ্যিক চুক্তিৰ আলোচনাৰ বাবে আগ্ৰহী কাটাৰ আৰু বাহৰেইনঃ পীয়ুষ গোৱেল
- ২০২৪ চনৰ মাৰ্চ মাহত স্বাক্ষৰিত ই এফ টি এ দেশসমূহৰ সৈতে মুক্ত বাণিজ্য চুক্তি ১ অক্টোবৰৰ পৰা কাৰ্যকৰী নতুন দিল্লী, ২৯ ছেপ্টেম্বৰ (হ.স.)। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পিয়ুষ গোৱেলে সোমবাৰে কয় যে ভাৰতে আমেৰিকা, নিউজিলেণ্ড, ওমান, পেৰু, চিলি,
कार्यक्रम को संबोधि‍त करते हुए वाणिज्‍य एवं उद्योग मंत्री पीयूष गोयल


कार्यक्रम को संबोधि‍त करते हुए वाणिज्‍य एवं उद्योग मंत्री पीयूष गोयल


- ২০২৪ চনৰ মাৰ্চ মাহত স্বাক্ষৰিত ই এফ টি এ দেশসমূহৰ সৈতে মুক্ত বাণিজ্য চুক্তি ১ অক্টোবৰৰ পৰা কাৰ্যকৰী

নতুন দিল্লী, ২৯ ছেপ্টেম্বৰ (হ.স.)। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পিয়ুষ গোৱেলে সোমবাৰে কয় যে ভাৰতে আমেৰিকা, নিউজিলেণ্ড, ওমান, পেৰু, চিলি, ইউৰোপীয় সংঘকে ধৰি কেইবাখনো দেশৰ সৈতে মুক্ত বাণিজ্য চুক্তি (এফটিএ)ৰ চৰ্চা কৰি আছে। তেওঁ লগতে কয় যে কাটাৰ আৰু বাহৰেইনেও ভাৰতৰ সৈতে বাণিজ্যিক চুক্তিৰ আলোচনাৰ বাবে আগ্ৰহী। উত্তৰ প্ৰদেশৰ গ্ৰেটাৰ নয়দাত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলাৰ সামৰণি অধিবেশনত ভাষণ দি কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে।

পিযুষ গোৱেলে কয় যে ২০২৪ চনৰ মাৰ্চ মাহত চূড়ান্ত হোৱা ই এফ টি এ দেশ (আইচলেণ্ড, লিচেনষ্টেইন, নৰৱে, আৰু ছুইজাৰলেণ্ড)ৰ সৈতে হোৱা মুক্ত বাণিজ্য চুক্তি (এফ টি এ) ১ অক্টোবৰৰ পৰা কাৰ্যকৰী হ’ব। বাণিজ্য মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে ভাৰতে ইতিমধ্যে সংযুক্ত আৰব আমিৰশ্বাহী, অষ্ট্ৰেলিয়া, আৰু যুক্তৰাজ্যৰ সৈতে এনে চুক্তি স্বাক্ষৰ কৰিছে। তেওঁ লগতে কয় যে আগষ্ট মাহত ভাৰত আৰু আৰ্মেনিয়া, বেলাৰুছ, কাজাখাস্তান, কিৰ্গিজ ৰিপাব্লিক, ৰাছিয়াকে ধৰি ইউৰেছিয়ান ইকনমিক ইউনিয়নে মুক্ত বাণিজ্য চুক্তিৰ আলোচনা আৰম্ভ কৰিবলৈ টাৰ্মছ অৱ ৰেফাৰেন্স (টি অ’ আৰ)ত স্বাক্ষৰ কৰিছিল।

গ্ৰেটাৰ নয়ডাত অনুষ্ঠিত উত্তৰ প্ৰদেশ ট্ৰেড শ্ব’ত তেওঁ উল্লেখ কৰে যে আমেৰিকাৰ সৈতে বাণিজ্যিক চুক্তিৰ বাবে আলোচনা চলি আছে। ইয়াৰ উপৰিও ইউৰোপীয় সংঘ, নিউজিলেণ্ড, ওমান, পেৰু, চিলিৰ সৈতে আলোচনা চলি আছে। গোৱেলে কয় যে কাটাৰ আৰু বাহৰেইনেও ভাৰতৰ সৈতে বাণিজ্যিক চুক্তিৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে। তেওঁ উল্লেখ কৰে যে ইউৰেছিয়াৰ সৈতে টাৰ্মছ অৱ ৰেফাৰেন্স চূড়ান্ত কৰা হৈছে, যিয়ে ভাৰতৰ শক্তিশালী বিশ্বব্যাপী স্থিতি প্ৰতিফলিত কৰিছে। জি এছ টি সংস্কাৰৰ ওপৰত আলোকপাত কৰি পীয়ুষ গোৱেলে কয় যে নৱৰাত্ৰিৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশক এক পৰিৱৰ্তনশীল সংস্কাৰ উপহাৰ দিছে। তেওঁ কয় যে ২২ ছেপ্টেম্বৰ তাৰিখটো ইতিহাসত সোণালী আখৰেৰে লিখা হ’ব। মই বিশ্বাস কৰোঁ যে স্বাধীনতাৰ পিছত এইটোৱেই আটাইতকৈ ডাঙৰ সংস্কাৰ, যাৰ প্ৰভাৱ দশক দশক ধৰি অনুভৱ কৰা হ’ব।

বাণিজ্য মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰীৰ নেতৃত্বত ভাৰত ২০১৪ চনত ভংগুৰ অৰ্থনীতিৰ পৰা আজি বিশ্বৰ চতুৰ্থ বৃহত্তম অৰ্থনীতিলৈ বৃদ্ধি পাইছে। অহা দুবছৰৰ ভিতৰত ৫ ট্ৰিলিয়ন ডলাৰৰ আকাৰৰ তৃতীয় বৃহত্তম অৰ্থনীতি হিচাপে পৰিগণিত হ’ব। তেওঁ জোৰ দি কয় যে মুদ্ৰাস্ফীতি ২ শতাংশত আছে, যিটো এটা দশকৰ ভিতৰত সৰ্বনিম্ন। যোৱা তিনিমাহত মুঠ ঘৰুৱা উৎপাদন (জিডিপি) বৃদ্ধি ৭.৮ শতাংশ। ভাৰতৰ বেংকিং খণ্ড শক্তিশালী আৰু সুতৰ হাৰ হ্ৰাস পোৱাৰ ওপৰতো তেওঁ গুৰুত্ব আৰোপ কৰে। ভাৰতৰ বৈদেশিক মুদ্ৰাৰ মজুত ৭০০ বিলিয়ন ডলাৰ হৈছেগৈ।

গোৱেলে কয় যে উত্তৰ প্ৰদেশ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলাখনে ক্ষুদ্ৰ, ক্ষুদ্ৰ, আৰু মজলীয়া উদ্যোগ (এম এছ এম ই), মহিলা উদ্যোগী, থলুৱা সামগ্ৰী, আৰু ৰপ্তানিমুখী ইউনিটৰ বাবে এক গুৰুত্বপূৰ্ণ মঞ্চ প্ৰদান কৰিছে। এই অনুষ্ঠানক ভ'কেল ফৰ লোকেল আৰু লোকেল গ'জ গ্ল'বেলৰ প্ৰকৃত সংগম বুলি অভিহিত কৰি তেওঁ সকলো অংশীদাৰক থলুৱা সামগ্ৰী ব্যৱহাৰৰ প্ৰতিশ্ৰুতি দিবলৈ আহ্বান জনায় আৰু জিএছটিৰ সুবিধা যাতে প্ৰত্যক্ষভাৱে গ্ৰাহকৰ ওচৰলৈ যায়, তাৰ দ্বাৰা সকলোৰে বাবে অন্তৰ্ভুক্ত বৃদ্ধিৰ প্ৰসাৰ ঘটাব।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande