লেখাপানী আৰু জাগুন আৰক্ষীৰ যৌথ অভিযানত ড্ৰাগছ সহ দুই মহিলা সৰবৰাহকাৰী আটক
তিনিচুকীয়া, ২৯ ছেপ্তেম্বৰ (হি.স.)। শাৰদীয় দুৰ্গোৎসৱৰ মাজতেই জাগুনত নিষিদ্ধ ড্ৰাগছ সহ দুগৰাকী মহিলা সৰবৰাহকাৰী আটক।দেওবাৰে নিশা এক গোপন সূত্ৰৰ পম খেদি লেখাপানী আৰু জাগুন আৰক্ষীৰ যৌথ অভিযানত দুগৰাকী মহিলা সৰবৰাহকাৰীৰ সৈতে বহু মূল্যৰ নিষিদ্ধ ড্ৰাগছ জব
লেখাপানী আৰু জাগুন আৰক্ষীৰ যৌথ অভিযানত ড্ৰাগছ সহ দুই মহিলা সৰবৰাহকাৰী আটক


তিনিচুকীয়া, ২৯ ছেপ্তেম্বৰ (হি.স.)। শাৰদীয় দুৰ্গোৎসৱৰ মাজতেই জাগুনত নিষিদ্ধ ড্ৰাগছ সহ দুগৰাকী মহিলা সৰবৰাহকাৰী আটক।দেওবাৰে নিশা এক গোপন সূত্ৰৰ পম খেদি লেখাপানী আৰু জাগুন আৰক্ষীৰ যৌথ অভিযানত দুগৰাকী মহিলা সৰবৰাহকাৰীৰ সৈতে বহু মূল্যৰ নিষিদ্ধ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয়।

জানিব পৰা অনুসৰি উপ আৰক্ষী অধীক্ষক ফায়েজ আহমেদৰ নেতৃত্বত লেখাপানী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নিতু চাংমাই আৰু জাগুন আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ভৱেশ ৰয়ৰ যৌথ অভিযানত পাৱৈ অঞ্চলৰ পৰা পিছ লৈ অবশেষত জাগুনৰ টকৌপানী নামে ঠাইত মহিলা দুগৰাকীক নিষিদ্ধ ড্ৰাগছ সহ আটক কৰে।

জানিব পৰা অনুসৰি আটকাধিন মহিলা দুগৰাকী ক্ৰমে জাগুন ফুলবাৰীৰ মণিকা বৰগোহাঞি আৰু ৩নং ৰামপুৰৰ মঞ্জু বৰুৱা।আৰক্ষীয়ে জব্দ কৰা ড্ৰাগছ খিনিৰ পৰিমাণ ১৬২ গ্ৰাম আৰু ইয়াৰ বজাৰ মূল্য প্ৰায় ২০ লাখ টকা হব বুলি জানিব পৰা গৈছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande