শিৱসাগৰৰ বকতাৰ ম’হখুটিত দুৰ্গা পূজা স্থলীত শ্ৰদ্ধাৰ শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি
শিৱসাগৰ, ২৯ ছেপ্তেম্বৰ (হি.স.)। হিয়াৰ আমঠু,হাৰ্টথ্ৰ’ব জুবিন গাৰ্গৰ মৃত্যুত শোকত ম্ৰিয়মাণ ৰাজ্যবাসী৷তাৰ মাজতে ৰাজ্য বাসীয়ে উদযাপন কৰিছে শাৰদীয় দূৰ্গোৎসৱ৷কিন্তু পূৰ্বৰ উৎসাহ উদ্দীপনা,মাদকতা নাই এইবাৰৰ দূৰ্গা পূজাক লৈ৷ আজি দূৰ্গা পূজাৰ সপ্তমী৷শিৱসাগৰৰ
শিৱসাগৰৰ বকতাৰ ম’হখুটিত দুৰ্গা পূজা স্থলীত শ্ৰদ্ধাৰ শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি


শিৱসাগৰ, ২৯ ছেপ্তেম্বৰ (হি.স.)। হিয়াৰ আমঠু,হাৰ্টথ্ৰ’ব জুবিন গাৰ্গৰ মৃত্যুত শোকত ম্ৰিয়মাণ ৰাজ্যবাসী৷তাৰ মাজতে ৰাজ্য বাসীয়ে উদযাপন কৰিছে শাৰদীয় দূৰ্গোৎসৱ৷কিন্তু পূৰ্বৰ উৎসাহ উদ্দীপনা,মাদকতা নাই এইবাৰৰ দূৰ্গা পূজাক লৈ৷

আজি দূৰ্গা পূজাৰ সপ্তমী৷শিৱসাগৰৰ বকতাৰ ম’হখুটিত ম’হখুটি আঞ্চলিক মিলনজ্যোতি সংঘৰ উদ্যোগত অনুষ্ঠিত দূৰ্গাপূজা মণ্ডপভাগি দেখিবলৈ পোৱা গৈছে শ্ৰদ্ধাৰ শিল্পী জুবিন গাৰ্গক। শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰি জুবিন গাৰ্গৰ সৃষ্টি ৰাজি বোলছবি,গানৰ বাক্য বিভিন্ন সৃষ্টিৰাজিক দাঙি ধৰা পৰিলক্ষিত হৈছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande