তামুলপুৰ, ২৯ ছেপ্টেম্বৰ (হি.স.)। আজি শিল্পী জুবানৰ মৃত্যুৰ এঘাৰ দিন ৷ তামুলপুৰত জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্ৰদ্ধ ৰ আয়োজন কৰিছে ৷
সৰ্বধৰ্ম প্ৰাৰ্থনা ৰে জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি।
অসম আৰু অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিবলৈ আজি তামুলপুৰীয়া ৰাইজ আৰু জিলা প্ৰশাসনৰ উদ্যোগত শিল্পী গৰাকীৰ সোঁৱৰণত একাঁজলি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয় ৷
এসময়ত শিল্পী গৰাকীৰ পিতৃ চাকৰি সূত্ৰে বসবাস কৰা চৰকাৰী আবাসটোৰ চৌহদত তামুলপুৰীয়া ৰাইজ আৰু জিলা আয়ুক্তৰ উদ্যোগত বিভিন্ন কাৰ্যসূচীৰে একাঁজলি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ৷ কাাৰ্যসূচী অনুসৰি আজি ৰাতিপুৱা জিলা প্ৰশাসনৰ অতিৰিক্ত আয়ুক্ত, সহকাৰী আয়ুক্ত সকলৰ , প্ৰাক্তন বিধায়ক ইমানুৱেল মোছাহাৰী আৰু তামুলপুৰীয়া ৰাইজে জুবিনৰ প্ৰতিচ্ছবিৰ সন্মুখত চাকি বন্তি জ্বলাই শ্ৰদ্ধা নিবেদন কৰে ৷
একাজলি শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে উদ্যোক্তা সকলে সৰ্বধৰ্ম প্ৰাৰ্থনা ৰ আয়োজন কৰি ভকত বৈষ্ণৱ বাপ - বান্ধৱ সকলে ঘোষা পাঠ কৰাৰ লগতে বাথৌ ধৰ্মীয় সকলে আৰজ সৎসংগী সকলৰ প্ৰাৰ্থনা পৰিবেশন কৰাৰ উপৰিও খৃষ্টধৰ্মী সকলে বাইবেল পাঠ , ইমাম সকলৰ কোৰান পাঠ কৰি মহান শিল্পী আত্মাৰ সদ্গতিৰ কাৰনে শ্ৰদ্ধা নিবেদন কৰে ৷
উল্লেখ যোগ্য যে জুবিন গাৰ্গৰ এসময়ৰ তামুলপুৰীয়া সহপাঠী সকলৰ সৈতে অসম বাসীৰ চকুৰ মনি দৈ পৰা ৰুনজুন গানৰ আঁৰৰ মানুহ গৰাকী জোনমণি গগৈ ও উপস্থিত থাকি সহপাঠী শিল্পী গৰাকীক শ্ৰদ্ধা নিবেদন কৰে ৷
তামুলপুৰ জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীৰ লগতে তামুলপুৰৰ জাতীয় ছাত্ৰ সংগঠন আন আন দল সংগঠন আয়তী সকল আহি একাজলি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো জীপাল কৰি তোলে ৷
---------------
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু