ৰাষ্ট্ৰপতিৰ দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন
নতুন দিল্লী, ২৯ ছেপ্টেম্বৰ (হি.স.)। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে সোমবাৰে দুৰ্গা পূজাৰ প্ৰাকক্ষণত দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে তেওঁৰ বাৰ্তাত কয়, দুৰ্গা পূজা উপলক্ষে দেশ-বিদেশত বসবাস কৰা সকলো ভাৰতীয়লৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা
ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু


নতুন দিল্লী, ২৯ ছেপ্টেম্বৰ (হি.স.)। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে সোমবাৰে দুৰ্গা পূজাৰ প্ৰাকক্ষণত দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰে।

ৰাষ্ট্ৰপতিগৰাকীয়ে তেওঁৰ বাৰ্তাত কয়, দুৰ্গা পূজা উপলক্ষে দেশ-বিদেশত বসবাস কৰা সকলো ভাৰতীয়লৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেওঁ কয়, দুৰ্গা পূজাৰ পবিত্ৰ উৎসৱ আমাৰ সংস্কৃতি, বিশ্বাস, আৰু আধ্যাত্মিক গৌৰৱৰ প্ৰতীক। দেৱী দুৰ্গাক তেওঁৰ নটা ৰূপত পূজা কৰাটো কেৱল আধ্যাত্মিক শুদ্ধিৰ পথ নহয়, বৰঞ্চ সত্য, ন্যায়, মমতাৰে আগবাঢ়ি যাবলৈও আমাক প্ৰেৰণা দিয়ে। এই উৎসৱে সমতা, সহনশীলতা, আৰু প্ৰেমৰ মনোভাৱক প্ৰসাৰিত কৰে।

ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, এই শুভ অনুষ্ঠানত আমি নাৰীক সন্মান জনোৱাৰ লগতে সমাজত তেওঁলোকৰ উচিত স্থান অক্ষুণ্ণ ৰখাৰ বাবে সকলো প্ৰচেষ্টা চলোৱাৰ সংকল্প লোৱা উচিত। সকলোকে প্ৰজ্ঞা আৰু সাহস প্ৰদান কৰিবলৈ, আৰু সকলোৰে জীৱনলৈ সুখ আৰু সমৃদ্ধি কঢ়িয়াই আনিবলৈ দেৱী দুৰ্গাৰ ওচৰত প্ৰাৰ্থনা জনাইছো।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande