সংযোগ ব্যৱস্থা আৰু বাণিজ্যক সম্পৰ্ক আৰু অধিক শক্তিশালীকৰণৰ অৰ্থে ভাৰত আৰু ভূটান সংযোগী নতুন ৰে’ল প্ৰকল্পৰ ঘোষণা
গুৱাহাটী, ২৯ ছেপ্টেম্বৰ (হি.স.)। কেন্দ্ৰীয় ৰে’ল, তথ্য আৰু সম্প্ৰচাৰ তথা ইলেকট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ৰাষ্ট্ৰীয় সংবাদ মাধ্যম কেন্দ্ৰ, নিউ দিল্লীত ভাৰত আৰু ভূটানৰ মাজৰ নতুন ৰে’ল সংযোগ প্ৰকল্পসমূহৰ ওপৰত এক চমু বক্তব্য প্ৰদান ক
৬৯ কিঃমিঃ দৈৰ্ঘ্যৰ কোকৰাঝাৰ–গেলেফু লাইন


পশ্চিমবংগৰ সৈতে ভূটানক সংযোগ কৰা ২০ কিঃমিঃ দৈৰ্ঘ্যৰ বানাৰহাট–সামচে লাইন


গুৱাহাটী, ২৯ ছেপ্টেম্বৰ (হি.স.)। কেন্দ্ৰীয় ৰে’ল, তথ্য আৰু সম্প্ৰচাৰ তথা ইলেকট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ৰাষ্ট্ৰীয় সংবাদ মাধ্যম কেন্দ্ৰ, নিউ দিল্লীত ভাৰত আৰু ভূটানৰ মাজৰ নতুন ৰে’ল সংযোগ প্ৰকল্পসমূহৰ ওপৰত এক চমু বক্তব্য প্ৰদান কৰি উভয় ৰাষ্ট্ৰৰ আঞ্চলিক সংযোগ ব্যৱস্থা, বহনক্ষমতা অৰ্থনৈতিক সহযোগিতাক শক্তিশালীকৰণৰ দিশত উভয় ৰাষ্ট্ৰৰ অংশীদাৰী দায়বদ্ধতাৰ ওপৰত জোৰ দিয়ে। এই ঘোষণাৰ জৰিয়তে দ্বিপাক্ষিক সম্পৰ্কক ৰূপান্তৰণৰ অৰ্থে স্থাপিত উভয় সীমান্তৰ মূল ৰেলৱে পদক্ষেপসমূহৰ বিস্তৃত বিৱৰণ দাঙি ধৰে।

বিদেশ মন্ত্ৰণালয়ৰ বিদেশ সচিব শ্ৰী বিক্ৰম মিশ্ৰীয়ে অনাগত এই প্ৰকল্পসমূহৰ দৃষ্টিভংগী, কাৰ্যকৰী কৌশল আৰু গুৰুত্বৰ ওপৰত যৌথ ৰূপৰেখা প্ৰদান কৰে।

এই পৰিকল্পনাৰ অধীনত দুটা মুখ্য সংযোগ চিনাক্ত কৰা হৈছে: ৬৯ কিঃমিঃ দৈৰ্ঘ্যৰ কোকৰাঝাৰ–গেলেফু লাইন, যিয়ে অসমৰ সৈতে ভূটানৰ গেলেফুক সংযোগ কৰিব আৰু ২০ কিঃমিঃ দৈৰ্ঘ্যৰ বানাৰহাট–সামচে লাইন, যিয়ে পশ্চিমবংগৰ সৈতে ভূটানক সংযোগ কৰিব। এই প্ৰকল্প দুটাৰ আনুমানিক ব্যয় ৪,০৩৩ কোটি টকা, যিয়ে বাণিজ্য, পৰ্যটন আৰু জনসাধাৰণৰ মাজৰ পাৰস্পৰিক সম্পৰ্ক উল্লেখযোগ্যভাৱে বৃদ্ধি কৰিব। সামচে আৰু গেলেফু হৈছে ভূটানৰ মুখ্য আমদানি-ৰপ্তানি কেন্দ্ৰ আৰু এই উভয় ইউনিটে ৭০০ কিঃমিঃ দৈৰ্ঘ্যৰ ভাৰত-ভূটান সীমান্তৰ সেৱা আগবঢ়ায়। ভূটান চৰকাৰে গেলেফুক মাইণ্ডফুলনেছ চিটি হিচাপে আৰু সামচেক উদ্যোগিক নগৰ হিচাপে বিকশিত কৰি আহিছে।

এই ৰূপায়ন ত্বৰান্বিত কৰিবলৈ কোকৰাঝাৰ–গেলেফু ৰে’লপথক বিশেষ ৰে’ল প্ৰকল্প হিচাপে ঘোষণা কৰা হৈছে, যাৰ ফলত দ্ৰুত অনুমোদন আৰু ভূমি অধিগ্ৰহণ হ’ব।

ৰে’ল মন্ত্ৰণালয়ে ভাৰতীয় ভূখণ্ডত কৰা কামকাজৰ বিনিয়োগৰ দায়িত্ব গ্ৰহণ কৰিব, আনহাতে ভাৰত চৰকাৰে বিদেশ মন্ত্ৰণালয়ৰ জৰিয়তে ভূটানৰ ১৩তম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ অংশ হিচাপে ভূটান অংশৰ বাবে সাহাৰ্য প্ৰদান কৰিব। এই মডেলে নিশ্চিত কৰে যে আন্তঃগাঁঠনিৰ সৰ্বাধিক অংশ ভাৰতীয় ভূখণ্ডত থাকিব, লগতে ভূটানৰ উন্নয়নৰ প্ৰয়োজনীয়তাসমূহৰ বাবে সম্পূৰ্ণ সমৰ্থন প্ৰদান কৰা হ’ব।

ভাৰত হৈছে ভূটানৰ শীৰ্ষ বাণিজ্যিক অংশীদাৰ আৰু এই ৰে’ল প্ৰকল্পসমূহে অৰ্থনৈতিক সম্পৰ্কক আৰু দৃঢ় কৰি তুলিব, আনহাতে সুষম আঞ্চলিক উন্নয়নক সাহাৰ্য প্ৰদান কৰিব। ভূটানে ভাৰতীয় ৰেলৱেৰ বিস্তৃত নেটৱৰ্কৰ সুবিধা গ্ৰহণ কৰি ভাৰতীয় বন্দৰসমূহৰ সৈতে অবিৰত সংযোগৰ জৰিয়তে সামগ্ৰীৰ উপযুক্ত ৰপ্তানি আৰু আমদানি সুবিধাজনক কৰি বাণিজ্যিক সংযোগ আৰু অৰ্থনৈতিক দিশত সমৃদ্ধ কৰি তুলিব পাৰিব। হিমালয়ৰ পাদদেশত ন্যূনতম পাৰিপাৰ্শ্বিক বিঘিনি নিশ্চিত কৰাৰ অৰ্থে পৰিকল্পনাৰ পৰ্যায়ত পাৰিপাৰ্শ্বিক বিচাৰ বিবেচনাসমূহকো সংযোজন কৰা হৈছে। ইয়াৰ উপৰিও, নতুন ৰে’ল পথৰ বাবে ডবাসমূহ ভাৰতত নিৰ্মাণ কৰা হ’ব, যিয়ে মেক ইন ইণ্ডিয়াৰ প্ৰতি দায়বদ্ধতাক শক্তিশালী কৰাৰ লগতে আন্তগাঁথনি উন্নয়নত ভূটানৰ ঘনিষ্ঠ অংশীদাৰ হিচাপে ভাৰতৰ ভূমিকাক শক্তিশালী কৰিব।

এই নতুন প্ৰকল্পসমূহে ভাৰতৰ নেইবাৰহুড ফাৰ্ষ্ট আৰু এক্ট ইষ্ট নীতিৰ সৈতে সংগতি ৰাখি বাস্তৱিক সংযোগৰ উপৰিও ভাৰত আৰু ভূটানৰ মাজৰ চিৰস্থায়ী বন্ধুত্বকে প্ৰতিফলিত কৰিছে। এই ৰে’লপথসমূহ আৰম্ভ হ’লে প্ৰৱেশযোগ্যতা বৃদ্ধি পাব, সুষম আঞ্চলিক বৃদ্ধিৰ প্ৰসাৰ ঘটাৰ লগতে আৰু ভাৰত-ভূটানৰ সহযোগিতাৰ ই এক নতুন অধ্যায় ৰূপে পৰিগণিত হ’ব।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande