নতুন দিল্লী, ২৯ ছেপ্টেম্বৰ (হি.স.)। ভাৰতৰ ঔদ্যোগিক উৎপাদন আগষ্ট মাহত ৪ শতাংশ বৃদ্ধি পোৱাৰ বিপৰীতে জুলাই মাহত ৪.৩ শতাংশ বৃদ্ধি পাইছিল। এই বৃদ্ধিৰ মূলতে আছিল খনন খণ্ডৰ শক্তিশালী প্ৰদৰ্শন।
সোমবাৰে ৰাষ্ট্ৰীয় পৰিসংখ্যা কাৰ্যালয়ে প্ৰকাশ কৰা তথ্যৰ উদ্ধৃতি দি পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰালয়ে উল্লেখ কৰে যে ঔদ্যোগিক উৎপাদন সূচকাংক (আই আই পি)ৰ ওপৰত ভিত্তি কৰি ভাৰতৰ ঔদ্যোগিক উৎপাদন আগষ্ট মাহত চাৰি শতাংশ বৃদ্ধি পাইছে। তথ্য অনুসৰি আগষ্ট মাহত খনন, উৎপাদন, আৰু বিদ্যুতৰ বৃদ্ধিৰ হাৰ ক্ৰমে ছয় শতাংশ, ৩.৮ শতাংশ আৰু ৪.১ শতাংশ।
ৰাষ্ট্ৰীয় পৰিসংখ্যা কাৰ্যালয়ে জুলাই মাহৰ ঔদ্যোগিক উৎপাদন সূচকাংকৰ ভিত্তিত ঔদ্যোগিক উৎপাদনৰ বৃদ্ধিৰ হাৰ ৪.৩ শতাংশলৈ সংশোধন কৰিছে, যিটো পূৰ্বৰ অনুমান ৩.৫ শতাংশ আছিল। তথ্য অনুসৰি চলিত বিত্তীয় বৰ্ষ ২০২৫-২৬ৰ এপ্ৰিল-আগষ্টৰ সময়ছোৱাত দেশৰ মুঠ ঔদ্যোগিক উৎপাদন ২.৮ শতাংশ বৃদ্ধি পোৱাৰ বিপৰীতে পূৰ্বৰ বিত্তীয় বৰ্ষত ৪.৩ শতাংশ বৃদ্ধি পাইছিল।
সংশোধিত কেলেণ্ডাৰ অনুসৰি ঔদ্যোগিক উৎপাদন সূচকাংক (আই আই পি)ৰ দ্ৰুত অনুমান এতিয়া প্ৰতি মাহৰ ২৮ তাৰিখে (বা ২৮ তাৰিখ বন্ধ হ’লে পৰৱৰ্তী কৰ্মদিনত) প্ৰকাশ কৰা হ’ব।
हिन्दुस्थान समाचार / অৰৱিন্দ