তিনিচুকিয়া, ২৯ ছেপ্টেম্বৰ (হি.স.)। লিডুৰ মোলং পাহাৰত কয়লা শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ। লিডুত অব্যাহত আছে চোৰাং কয়লাৰ অবৈধ বেহা
। মাৰ্ঘেৰিটাৰ লিডুত অব্যাহত আছে চোৰাং কয়লাৰ অবৈধ বেহা। লিডুৰ মোলং পাহাৰত পুনৰ চোৰাং কয়লা খান্দিবলে গৈ শ্ৰমিকৰ মৃত্যু। মৃত শ্ৰমিকজন লিডু ইটাখুলা কুন্দা লাইনৰ নিবাসী মিগম দলে (৪০)বুলি জানিব পৰা গৈছে।
মোলং পাহাৰৰ এটা অবৈধ ৰেট হল মাইনিংত কয়লা শ্ৰমিক ৰূপে কৰ্মৰত আছিল মিগম দলে । বিগত চাৰিদিন ধৰি শ্ৰমিকজনৰ কোনো সন্ধান পোৱা নাছিল পৰিয়ালৰ লোকে। যোৱা কালি স্থানীয় একাংশ লোকে পাহাৰত শ্ৰমিক জনৰ মৃতদেহ প্ৰত্যক্ষ কৰে। পৰৱৰ্তী সময়ত শ্ৰমিক জন মিগম দলে বুলি চিনাক্ত হয়। বহুবছৰ ধৰি কয়লাৰ শ্ৰমিক ৰূপে কাম কৰি অহা মিগমৰ মৃত্যুত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে সদৌ মিচিং ছাত্ৰ সন্থা ( টিএমপিকে ) মাৰ্ঘেৰিটা আঞ্চলিক সমিতিয়ে।
সংগঠনটোৱে শ্ৰমিক জনৰ ৰহস্যজনক মৃত্যুৰ সৈতে জনৈক ৰাজেন দত্ত আৰু খিতিষ দেৱনাথ জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে। উল্লেখ্য যে মৃত্যু হোৱা মিগম দলে অভিযুক্ত ৰাজেন দত্তৰ সৈতে একেলগে কামলৈ বুলি ওলাই গৈছিল। তাৰ পাছৰেই পৰা নিৰুদ্দেশ হৈ আছিল মিগম। মিগম দলে খিতিষ দেৱনাথ নামৰ ব্যক্তিজনৰ কোক ভাটাত কাম কৰাৰ অভিযোগ তুলিছে সদৌ মিচিং ছাত্ৰ সন্থাই। ইতিমধ্যে সংগঠনটোৱে লিডু আৰক্ষী চকীত ঘটনাৰ সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰিছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা