গুৱাহাটী, ২৮ ছেপ্তেম্বৰ(হি.স.)। অসমৰ হিয়াৰ আমঠু সংগীত শিল্পী জুবিন গাৰ্গৰ অস্বাভাৱিক মৃত্যুৰ ৰহস্য নিৰূপন কৰিবৰ বাবে ক্ষিপ্ৰগতিত তদন্ত অব্য়াহত আছে চিআইডিৰ বিশেষ অনুসন্ধানকাৰী দলৰ। জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ, ভগ্নী পামি বৰঠাকুৰ আৰু খুড়াক মনোজ বৰঠাকুৰৰ এজাহাৰৰ পিছতে অধিক ক্ষিপ্ৰ হৈছে বিশেষ অনুসন্ধানকাৰী দলৰ তদন্ত।
আজি পুৱা জুবিন গাৰ্গৰ ঘৰত উপস্থিত হয় এছআইটি। তদন্তৰ বাবে জুবিন গাৰ্গৰ ঘৰত উপস্থিত হয় বিশেষ অনুসন্ধানকাৰী দলটো। দলটোত আছে এপিএছ মৰমী দাস।
উল্লেখ্য যে জুবিন গাৰ্গৰ মৃত্যৰ ৯দিন পিছত পত্নী গৰিমা শইকীয়া গাৰ্গে ন্যায় বিচাৰি শনিবাৰে চিআইডিৰ এছআইটিক ই-মেইলযোগ দাখিল কৰিছিল এজাহাৰ। আনফালে আজি পুনৰ এছআইটিএ জেৰা চলাব জুবিন গাৰ্গৰ সহযোগী বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামীক। শনিবাৰে শেখৰজ্যোতিক এছআইটিয়ে ১০ঘণ্টা জেৰা চলাইছিল।
হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ