গোলাঘাট, ২৮ ছেপ্টেম্বৰ (হি.স.)। বোকাখাতত এমাহৰ ভিতৰতে নিৰ্মাণ হ'ব হাৰ্টথব জুবিন গাৰ্গৰ পুৰ্ণাংগ প্ৰতিমূৰ্ত্তি। বোকাখাত নিৰ্মাণ গোটৰ সৌজন্যত মহান শিল্পীগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়াৰ দিনাই ভূমি পূজন কৰাৰ পাছত আজি মূৰ্তি ভাগৰ শিলান্যাস কৰা হয়।
ইয়াৰ পূৰ্বে সুধাকন্ঠ ড: ভূপেন হাজৰিকা, আৰু প্ৰয়াত মুখ্য মন্ত্ৰী তৰুণ গগৈ দেৱৰ বোকাখাতত নিৰ্মাণ কৰিছিল বোকাখাতৰ প্ৰাক্তন বিধায়ক জিতেন গগৈয়ে। জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া দিনৰ পৰা এমাহৰ ভিতৰতে স্থানীয় কাৰিকৰৰ লগতে কলকাতা আৰু ৰাজস্থানৰ কাৰিকৰ শিল্পীৰ দ্বাৰা আটকধুনীয়াকৈ নিৰ্মাণ কৰা হ'ব বুলি জানিব দিয়ে প্ৰাক্তন বিধায়ক জিতেন গগৈয়ে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু