নতুন দিল্লী, ২৮ ছেপ্টেম্বৰ (হি.স.)। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে মহিলা ক্ৰিকেট বিশ্বকাপ ২০২৫ৰ বাবে এটা শক্তিশালী মন্তব্যকাৰী (কমেণ্টৰী) পেনেল ঘোষণা কৰিছে। এই মন্তব্য পেনেলত ভাৰতীয় প্ৰাক্তন দুগৰাকী অধিনায়ককে ধৰি বিশিষ্ট মহিলা খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে। কিংবদন্তি মহিলা ক্ৰিকেটাৰে নিজৰ কণ্ঠেৰে দৰ্শকক মোহিত কৰিব।
কমেণ্টৰী পেনেলত আছে প্ৰাক্তন বিশ্বকাপ বিজয়ী মেল জ’নছ, ইছা গুহা, ষ্টেচি-এন কিং, আৰু জুলিয়া প্ৰাইছৰ লগতে ভাৰতীয় মহিলা দলৰ প্ৰাক্তন অধিনায়ক মিতালী ৰাজ, অঞ্জুম চোপ্ৰা, আৰু পাকিস্তানৰ প্ৰাক্তন অধিনায়ক ছানা মিৰ। ইংলেণ্ডৰ প্ৰাক্তন অধিনায়ক নাছেৰ হুছেইন, অষ্ট্ৰেলিয়াৰ এৰন ফিঞ্চ, ৱেষ্ট ইণ্ডিজৰ কাৰ্লোছ ব্ৰাথৱেইট, ভাৰতৰ দিনেশ কাৰ্তিক, নিউজিলেণ্ডৰ কেটি মাৰ্টিনৰ লগতে ইয়ান বিচপ, নাটাছা ফাৰেণ্ট, ম্পুমেলিঅ’ এমবাংগা, আৰু ৰাছেল আৰ্নল্ড। এই পেনেলত আছে প্ৰবীণ সম্প্ৰচাৰক নাটালি জাৰ্মানছ, এলান উইলকিন্স, আৰু কেছ নাইডুৰ লগতে উদীয়মান সম্প্ৰচাৰক ৰৌনাক কাপুৰ আৰু যতীন ছাপ্ৰু।
মন্তব্য পেনেলত অন্তৰ্ভুক্ত হোৱাৰ সন্দৰ্ভত মিতালী ৰাজে ২০২৫ চনৰ বিশ্বকাপক পৰৱৰ্তী প্ৰজন্মৰ ছোৱালীক অনুপ্ৰাণিত কৰিব পৰা প্ৰতিযোগিতা বুলি অভিহিত কৰে। মিতালী ৰাজে কয় যে ভাৰত আৰু শ্ৰীলংকাত মহিলা বিশ্বকাপ অনুষ্ঠিত হোৱা দেখি অত্যন্ত সন্তোষজনক। কেৱল বিশ্বৰ শ্ৰেষ্ঠ খেলুৱৈক উদযাপন কৰাই নহয়, ক্ৰিকেট খেলাৰ সপোন দেখা নতুন প্ৰজন্মৰ ছোৱালীক অনুপ্ৰাণিত কৰা। খেলুৱৈ হিচাপে এই যাত্ৰাৰ অংশ হৈ পৰা তেওঁ এতিয়া কমেণ্টৰী বক্সৰ পৰা নিজৰ অভিজ্ঞতাসমূহ শ্বেয়াৰ কৰি আমাৰ খেলৰ ভৱিষ্যত গঢ় দিয়া খেলুৱৈসকলক উজ্জ্বল কৰি তুলিবলৈ উৎসাহিত হৈছে।
আইচিচি মহিলা ক্ৰিকেট বিশ্বকাপ ২০২৫ ৩০ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব আৰু ২ নৱেম্বৰত ফাইনেল অনুষ্ঠিত হ’ব। ভাৰত আৰু শ্ৰীলংকাৰ পাঁচটা ভিন্ন স্থানত অনুষ্ঠিত হ’ব আঠটা দলৰ এই প্ৰতিযোগিতা। এই পাঁচটা স্থান হৈছে ক্ৰমে নৱী মুম্বাই, গুৱাহাটী, ইন্দোৰ, বিশাখাপট্টনম আৰু কলম্বো। পাকিস্তানৰ সকলো খেল শ্ৰীলংকাত অনুষ্ঠিত হ’ব।
हिन्दुस्थान समाचार / অৰৱিন্দ