বাক্সাৰ শিমলাত চাপাগুৰি শাখা সাহিত্য সভাৰ বিশেষ অভিনন্দন অনুষ্ঠান সম্পন্ন
বাক্সা, ২৮ ছেপ্টেম্বৰ (হি.স.)। বাক্সা জিলাৰ শিমলাত আজি কৃতি ছাত্ৰ- ছাত্ৰী সকলক সম্বৰ্দ্ধনা দিয়াৰ উদ্দেশ্যে ককলাবাৰী চাপাগুৰি শাখা সাহিত্য সভাৰ বিশেষ অভিনন্দন অনুষ্ঠান এটা সম্পন্ন হৈ যায়। ককলাবাৰী চাপাগুৰি শাখা সাহিত্য সভাৰ উদ্যোগত অনুষ্ঠিত এই বিশেষ
বাক্সাৰ শিমলাত চাপাগুৰি শাখা সাহিত্য সভাৰ বিশেষ অভিনন্দন অনুষ্ঠান সম্পন্ন


বাক্সা, ২৮ ছেপ্টেম্বৰ (হি.স.)। বাক্সা জিলাৰ শিমলাত আজি কৃতি ছাত্ৰ- ছাত্ৰী সকলক সম্বৰ্দ্ধনা দিয়াৰ উদ্দেশ্যে ককলাবাৰী চাপাগুৰি শাখা সাহিত্য সভাৰ বিশেষ অভিনন্দন অনুষ্ঠান এটা সম্পন্ন হৈ যায়। ককলাবাৰী চাপাগুৰি শাখা সাহিত্য সভাৰ উদ্যোগত অনুষ্ঠিত এই বিশেষ অভিনন্দন অনুষ্ঠানত হাৰ্টথ্ৰব জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।

সমগ্ৰ অঞ্চলটোৰ প্ৰথম বিভাগত উত্তীৰ্ণ তথা অসমীয়া বিভাগত সৰ্বোচ্চ নম্বৰ পোৱা কেইবা গৰাকীও ছাত্ৰ -ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰা অনুষ্ঠানত অসম সাহিত্য সভাৰ জালাহ কাৰ্যালয়ৰ সম্পাদক নয়নমনি চৌধুৰী, বিশিষ্ট কবি ধীমান বৰ্মনকে ধৰি কেইবা গৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। কাৰ্যসূচীত সকলো স্তৰৰ ৰাইজে অংশগ্ৰহণ কৰি অনুষ্ঠানটো সাফল্য মণ্ডিত কৰি তোলা পৰিলক্ষিত হয়।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande