পশ্চিম কাৰ্বি আংলঙ, ২৮ ছেপ্টেম্বৰ (হি.স.)। পশ্চিম কাৰ্বি আংলঙত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ১৯০০০ মহিলাক চেক বিতৰণ, হামৰেণ জিলা চিকিৎসালয় উদ্বোধন, কাৰ্বি পৰম্পৰাৰে জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি। পাৰ্বত্য জিলা পশ্চিম কাৰ্বি আংলঙৰ ১১১ নং ৰংখাং বিধানসভা সমষ্টিৰ ডংকামোকামস্থিত ৱাইছং ষ্টেডিয়ামত আজি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ চেক বিতৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷
অনুষ্ঠানৰ প্ৰাকক্ষণত নৱপ্ৰজন্মৰ হৃদস্পন্দন তথা সদ্য প্ৰয়াত শিল্পী জুবিন গাৰ্গক কাৰ্বি পৰম্পৰাগত পুৰোহিতৰ মন্ত্ৰ উচ্চৰণেৰে শিল্পী গৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনোৱা হয় ৷ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ এইখন ৰাজ্যখনৰ ভিতৰতেই ১২ নম্বৰ সভা বুলি জানিব পৰা গৈছে ৷ য’ত ২২০০ টা আত্ম-সহায়ক গোটৰ প্ৰায় ১৯০০০ গৰাকী মহিলাই স্বালম্বিতাৰ পথ মুকলি কৰাত সহায় কৰিব বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰকাশ কৰে ৷
তাৰোপৰি, নিজৰ ভাষণত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে অহা ১ নৱেম্বৰৰ পৰা ৰেচন কাৰ্ডৰ জৰিয়তে ডালি, চেনি, নিমখ কম দামত ল’বলৈও মহিলা সকলক আহ্বান জনায় ৷ বাকী মিঠাতেল পাবলৈ হলে অহাবাৰ বিজেপি দলক ভোট দিব লাগিব বুলি নিজৰ ভাষণত উল্লেখ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায় ৷ সভাৰ অন্তত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে আজি আমি প্ৰায় ১৯ হাজাৰ কোটি টকাৰ মহিলা উদ্যমিতা আঁচনিৰ প্ৰথম কৃষ্টিৰ ধন আগবঢ়াই দিলোঁ ৷ এই ধন ভালকৈ ব্যৱহাৰ কৰিলে পৰৱৰ্তী পৰ্যায়ত ২৫০০০ আৰু ৫০০০০ টকা পৰ্য্যন্ত চৰকাৰৰ পৰা পাব পাৰিব ৷ জুবিন গাৰ্গৰ বিষয়টোক ইতিমধ্যে ফেচবুক পেজৰ জৰিয়তে প্ৰকাশ কৰিছোঁ বুলি মুখ্যমন্ত্ৰী গৰাকী প্ৰকাশ কৰাৰ লগতে আৰু কিবা নতুনত্ব থাকিলে পৰৱৰ্তী সময়ত জনাব বুলি সদৰী কৰে ৷
তেও উল্লেখ কৰে যে, সমালোচনা কৰা সকলে কিবা এটা পইন্ট উলিয়াই বিতৰ্ক কৰি থাকিব মই মুখ্যমন্ত্ৰী হিচাপে মোৰ দায়িত্ব বুজি পাওঁ বুলি প্ৰকাশ কৰে হিমন্ত বিশ্বশৰ্মাই ৷ তাৰোপৰি, গৌৰৱ গগৈৰ এছআইটি ৰ প্ৰতিবেদন সম্পৰ্কে অক্টোবৰ মাহৰ ভিতৰতেই ৰাজহুৱা কৰা হ’ব বুলিও মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰকাশ কৰে ৷ উল্লেখযোগ্য যে আজি হামৰেণস্থিত ১০০ খন বিছনাৰ অত্যাধুনিক সা-সুবিধাযুক্ত জিলা চিকিৎসালয় খনৰো শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু