উত্তৰ-পূব সীমান্ত ৰেলৱেৰ ৰেলৱে সুৰক্ষা বাহিনীৰ দ্বাৰা নাবালক সহ ২১ জন লোকক উদ্ধাৰ
গুৱাহাটী, ২৮ ছেপ্টেম্বৰ (হি.স.)। অসুৰক্ষিত ৰে’ল যাত্ৰীসকলৰ সুৰক্ষা আৰু মানৱ সৰবৰাহ ৰোধ কৰাৰ ক্ষেত্ৰত এক সুদৃঢ় প্ৰচেষ্টাৰ দিশত, উত্তৰ পূব সীমান্ত ৰেলৱেৰ ৰেলৱে সুৰক্ষা বাহিনীয়ে (আৰপিএফ) বিগত ১৮ ৰ পৰা ২৩ ছেপ্তেম্বৰ ২০২৫ তাৰিখ পৰ্যন্ত এক উল্লেখযোগ্য সফল
উত্তৰ-পূব সীমান্ত ৰেলৱেৰ ৰেলৱে সুৰক্ষা বাহিনীৰ দ্বাৰা নাবালক সহ ২১ জন লোকক উদ্ধাৰ


গুৱাহাটী, ২৮ ছেপ্টেম্বৰ (হি.স.)। অসুৰক্ষিত ৰে’ল যাত্ৰীসকলৰ সুৰক্ষা আৰু মানৱ সৰবৰাহ ৰোধ কৰাৰ ক্ষেত্ৰত এক সুদৃঢ় প্ৰচেষ্টাৰ দিশত, উত্তৰ পূব সীমান্ত ৰেলৱেৰ ৰেলৱে সুৰক্ষা বাহিনীয়ে (আৰপিএফ) বিগত ১৮ ৰ পৰা ২৩ ছেপ্তেম্বৰ ২০২৫ তাৰিখ পৰ্যন্ত এক উল্লেখযোগ্য সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে।

এই সময়চোৱাত ৰেলৱে সুৰক্ষা বাহিনীয়ে এই সংমণ্ডলৰ অন্তৰ্গত বিভিন্ন ৰেলৱে ষ্টেচনৰ পৰা মুঠ ১৯ জন নাবালক-নাবালিকা, এজন ল’ৰা আৰু এজনী ছোৱালীক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। উদ্ধাৰ কৰা এই সকলো ব্যক্তিক সুৰক্ষিতভাৱে চাইল্ড লাইন কৰ্তৃপক্ষ, এনজিঅ’, তেওঁলোকৰ অভিভাৱক আৰু স্থানীয় আৰক্ষীৰ কৰ্তৃপক্ষক পৰৱৰ্তী প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ বাবে অৰ্পন কৰা হয়।

১৮ আৰু ১৯ ছেপ্টেম্বৰ, ২০২৫ তাৰিখে আলিপুৰদুৱাৰ আৰু চাপৰমুখৰ ৰেলৱে সুৰক্ষা বাহিনীৰ দলৰ দ্বাৰাএক গুৰুত্বপূৰ্ণ অভিযান চলোৱা হয়। এই অভিযানসমূহৰ সময়চোৱাত সৰ্বমুঠ ৩ জন ঘৰৰ পৰা পলাই অহা নাবালক শিশুকসংশ্লিষ্ট টীমসমূহে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। উদ্ধাৰ কৰা সকলো শিশুক পিছত সুৰক্ষিত জিম্মা আৰু অধিক তত্বাৱধানৰ বাবে সংশ্লিষ্ট চাইল্ড লাইন কৰ্তৃপক্ষৰ হাতত গতাই দিয়া হয়।

২০ আৰু ২১ ছেপ্টেম্বৰ, ২০২৫ তাৰিখে বাৰছোই, নিউ কোচবিহাৰ, কামাখ্যা, নিউ জলপাইগুড়ী আৰু চাপৰমুখৰ ৰেলৱে সুৰক্ষা বাহিনীৰ দলে গুৰুত্বপূৰ্ণ উদ্ধাৰ অভিযান চলায়। এই অভিযানসমূহৰ সময়চোৱাত সৰ্বমুঠ ৮জন নাবালকৰ লগতে এজন লৰা আৰু দুজন অসহায় নাবালক শিশুক সফলতাৰে উদ্ধাৰ কৰা হয়। উদ্ধাৰ কৰা সকলো শিশুক পিছত সুৰক্ষিত জিম্মা আৰু অধিক তত্বাৱধানৰ বাবে সংশ্লিষ্ট চাইল্ড লাইন কৰ্তৃপক্ষৰ হাতত গতাই দিয়া হয়।

একেদৰে, ২২ আৰু ২৩ ছেপ্টেম্বৰ, ২০২৫ তাৰিখে লামডিং আৰু কিষাণগঞ্জৰ ৰেলৱে সুৰক্ষা বাহিনীৰ দলে লামডিং আৰু কিষাণগঞ্জ ৰেলৱে ষ্টেচনত উদ্ধাৰ অভিযান চলায়। এই অভিযানসমূহৰ সময়চোৱাত এজনীছোৱালীৰ সৈতেমুঠ ৬ জন নাবালক অন্তৰ্ভূক্তআছিল তেওঁলোকক উদ্ধাৰ কৰা হয়। উদ্ধাৰ কৰা সকলো শিশুক পিছত সুৰক্ষিত জিম্মা আৰু অধিক তত্বাৱধানৰ বাবে সংশ্লিষ্ট চাইল্ড লাইন কৰ্তৃপক্ষৰ হাতত গতাই দিয়া হয়।

“মেৰী চহেলী পদক্ষেপৰ অধীনত, যাৰ দ্বাৰা মহিলা ৰেলযাত্ৰীসকলৰ সুৰক্ষা আৰু কল্যাণৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়, বিশেষভাৱে যিসকল মহিলা যাত্ৰীয়ে অকলশৰে যাত্ৰা কৰে তেওঁলোকৰ বাবে ৰেলৱে সুৰক্ষা বাহিনীৰ সমৰ্পিত মহি স্কোৱাডসমূহ সদায় সতৰ্ক আৰু সজাগ হৈ থাকে। তেওঁলোকৰ অবিৰত প্ৰয়াসে উত্তৰ পূব সীমান্ত ৰেলৱেৰ সমগ্ৰতে অগণন মহিলা ৰে’ল যাত্ৰীৰ বাবে এক সুৰক্ষিত ভ্ৰমণৰ পৰিৱেশ নিশ্চিত কৰিছে।

উত্তৰ পূব সীমান্ত ৰেলৱেৰ ৰেলৱে সুৰক্ষা বাহিনীৰ দ্বাৰা যাত্ৰীসকলৰ নিৰাপত্তা বৃদ্ধিৰ ক্ষেত্ৰত সদায় দৃঢ় প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে। সঠিক সময়ত কৰা হস্তক্ষেপ, পেট্ৰ'লিং আৰু এক যাত্ৰী-হিতৈষী ব্যৱস্থাৱলীৰ জৰিয়তে বিশেষকৈ মহিলা আৰুশিশুসকলৰ সুৰক্ষাৰ ওপৰত এক বিশেষ গুৰুত্ব আৰোপ কৰি ৰে’ল যাত্ৰীসকলৰ সুৰক্ষা বৃদ্ধিৰ দিশত আৰপিএফে নিৰবিচ্ছিন্নভাৱে কাম কৰি আছে।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande