গুৱাহাটী, ২৭ ছেপ্টেম্বৰ (হি.স.)। গুৱাহাটীৰ বশিষ্ঠ আৰক্ষীয়ে তালাচী চলাই এখন ট্ৰাকৰ পৰা চুৰি সামগ্ৰী উদ্ধাৰ কৰিবলৈ সমৰ্থ হৈছে। ইয়াৰ পিছতে আৰক্ষীয়ে দুজন লোকক গ্ৰেপ্তাৰ কৰিছে।
এক গোপন সূত্ৰৰ ভিত্তিত কাম কৰি বশিষ্ঠ থানাৰ ইজিপিডিৰ এটা দলে নলাপাৰাত চুৰি সামগ্ৰী কঢ়িয়াই অনা এএছ-০১আইচি-৭৬৯১ নম্বৰৰ এখন ট্ৰাক জব্দ কৰে। শনিবাৰে আৰক্ষীয়ে জনোৱা মতে, তালাচীৰ সময়ত ট্ৰাকখনৰ পৰা তামৰ স্ক্ৰেপ (কেইবাটাও বেগ), বিদ্যুতৰ তাঁৰ আৰু এলুমিনিয়ামৰ স্ক্ৰেপ, লোহা আৰু টিনৰ বাণ্ডিল উদ্ধাৰ কৰা হৈছে।
এই গোচৰত দুজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। আটকাধীন অভিযুক্ত দুজন নলবাৰী বাসিন্দা ছহিদুৰ ইছলাম (৩০) আৰু জোৱাইৰ বাসিন্দা মেবান লাৰাপ্লামগ লিংডোহ (৩১) বুলি জানিব পৰা গৈছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এফআইআৰ ৰুজু কৰি আইনী ব্যৱস্থা গ্ৰহণ কৰিছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া