জেদ্দা, ২৭ ছেপ্টেম্বৰ (হি.স.)। ছৌদি প্ৰ’ লীগৰ খিতাপৰ খেলখনত আল নাছৰে ডিফেণ্ডিং চেম্পিয়ন আল ইত্তিহাদক ২-০ গ’লত পৰাস্ত কৰে। ক্রিষ্টিয়ানো ৰোনাল্ডো আৰু ছাদিঅ’ মানেই গ’ল দিয়ে৷ এই জয়ৰ জৰিয়তে আল নাছৰে চাৰিখন মেচৰ পৰা ১২ পইণ্ট লাভ কৰি তালিকাৰ শীৰ্ষস্থান অক্ষুণ্ণ ৰখাৰ বিপৰীতে আল ইত্তিহাদে ৯ পইণ্টেৰে দ্বিতীয় স্থানত আছে।
কিং আব্দুল্লা স্প’ৰ্টছ চিটি ষ্টেডিয়ামত ঘৰুৱা দৰ্শকৰ আকৰ্ষণীয় টিফো আৰু উত্তাল জনসমৰ্থনৰ পিছতো আল ইত্তিহাদে আৰম্ভণিৰে পৰাই হেঁচাত পৰা যেন দেখা গৈছিল। প্ৰথম হুইচেলৰ পৰাই আল নাছৰে খেলখনত আধিপত্য বিস্তাৰ কৰিবলৈ আৰম্ভ কৰে।
৯ মিনিটত কিংছলি কামানে ৰাইট উইংৰ পৰা সুন্দৰ ক্ৰছ প্ৰদান কৰে। দৌৰি বলৰ ওচৰলৈ যোৱা মানেই পিছফালৰ পোষ্টত ভলী কৰি আল নাছৰক ১-০ গ’লত অগ্ৰগতি প্ৰদান কৰে।
১৪ মিনিটত ৰোনাল্ডোৱে কমনৰ ক্ৰছৰ পৰা হেডাৰৰে গল দিবলৈ ব্যৰ্থ হয় যদিও ৩৫ মিনিটত ৰোনাল্ডোৱে তাৰ ক্ষতিপূৰণ দিয়ে। এইবাৰ মানেই ক্ৰছটো প্ৰদান কৰে আৰু ৰোনাল্ডোৱে নিখুঁত হেডাৰেৰে পাছটো ৰূপান্তৰিত কৰি ২-০ গ’লত অগ্ৰগতি লাভ কৰে।
কৰিম বেনজেমাই কেইবাবাৰো বলটো ষ্টিভেন বাৰ্গেভিনক পাছ কৰিছিল যদিও তেওঁ সুযোগৰ মূলধন হিচাপে ব্যৱহাৰ কৰিব নোৱাৰিলে।
দ্বিতীয়ার্ধত আল নাছৰে গতি লেহেমীয়া কৰিছিল যদিও আক্রমণ অব্যাহত ৰাখিছিল ৷ জোৱাও ফেলিক্সে গ’ল দিয়াৰ কেইবাটাও সুযোগ পাইছিল যদিও বিফল হৈছিল। ৩৯ মিনিটত মানেৰ ক্ৰছৰ পৰা তেওঁৰ শ্বটটো বাৰৰ ওপৰেৰে গৈছিল।
৫৮ মিনিটত নৱাফ বৌশ্বলে মুকলি গ’লত ৰোনাল্ডোক পাছ দিয়ে যদিও পৰ্তুগীজ তাৰকাগৰাকীয়ে বাৰৰ ওপৰেৰে বলটো আঘাত কৰে। এয়া মেচখনৰ আটাইতকৈ সহজ আৰু ডাঙৰ সুযোগ আছিল।
ইয়াৰ পিছতো আল নাছৰে দুটা গ’লৰ অগ্ৰগতি বজাই ৰাখি জয়লাভ কৰে। ঘৰুৱা ক্ষেত্ৰত আল ইত্তিহাদৰ ১৯খন মেচৰ অপৰাজিত ধাৰাও এই পৰাজয়ৰ লগে লগে ভাঙি গ’ল।
हिन्दुस्थान समाचार / অৰৱিন্দ