নতুন দিল্লী, ২৭ ছেপ্টেম্বৰ (হি.স.)। দিল্লীৰ পাটিয়ালা হাউছ কোৰ্টে ধৌলা কুয়ান অঞ্চলত বিএমডব্লিউ গাড়ী দুৰ্ঘটনাৰ অভিযুক্ত গগনপ্ৰীত কৌৰৰ ন্যায়িক জিম্মা ১৪ দিনৰ বাবে বৃদ্ধি কৰিছে। ন্যায়িক দণ্ডাধীশ প্ৰথম শ্ৰেণীৰ অংকিত গাৰ্গে জাৰি কৰে এই নিৰ্দেশ। গগনপ্ৰীত কৌৰৰ জামিন আবেদন সন্দৰ্ভত আজি আদালতে নিজৰ সিদ্ধান্ত ঘোষণা কৰাৰ কথা।
গগনপ্ৰীত কৌৰৰ জামিন আবেদন সন্দৰ্ভত আদালতে ২৫ ছেপ্টেম্বৰৰ বাবে নিজৰ সিদ্ধান্ত সংৰক্ষণ কৰি ৰাখিছিল। জামিনৰ শুনানিৰ সময়ত আদালতে চিচিটিভিৰ ফুটেজ আৰু অন্যান্য প্ৰমাণ পৰীক্ষা কৰে। শুনানিৰ সময়ত গগনপ্ৰীত কৌৰৰ অধিবক্তা প্ৰদীপ ৰাণাই অভিযুক্তৰ উদ্দেশ্য অনিষ্টকাৰী নহয় বুলি উল্লেখ কৰে। গগনপ্ৰীত কৌৰে ভেংকটেশ্বৰ হস্পিতাললৈ ফোন কৰিলে, কিন্তু কোনেও ফোনটো ৰিচিভ নকৰিলে। গগনপ্ৰীত কৌৰে পিচিআৰলৈও ফোন কৰে। আনকি আহতসকলক নিউলাইফ হাস্পতাললৈ লৈ যায় আৰু চিকিৎসাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা কৰিবলৈ কয়। ঘটনাৰ ১০ ঘণ্টাৰ পাছত কিয় এফআইআৰ দাখিল কৰা হ’ল বুলি তেওঁ প্ৰশ্ন উত্থাপন কৰে। ৰাণাই উল্লেখ কৰে যে অভিযুক্তই আগতীয়াকৈ জামিন বিচৰা নাই; ১০ দিন ধৰি জিম্মাত আছে তাই। পলাতক হোৱাৰ কোনো আশংকা নাই। তদন্তত সহযোগ কৰিছে তাই। তাইৰ মোবাইল ফোনটোও জব্দ কৰিছে আৰক্ষীয়ে।
গগনপ্ৰীতৰ জামিন আবেদনৰ বিৰোধিতা কৰি দিল্লী আৰক্ষীৰ অধিবক্তা অতুল শ্ৰীবাস্তৱে উল্লেখ কৰে যে এইমছ নিউ লাইফ হাস্পতালতকৈ অভিযুক্তৰ ঘৰৰ ওচৰত। দুৰ্ঘটনা হ’লে সোণালী ঘণ্টাৰ নীতি আছে, যাৰ বাবে তৎকালীন চিকিৎসাৰ প্ৰয়োজন হয়। চিকিৎসালয়খনৰ নথি-পত্ৰত সময় উল্লেখ নাই। অভিযুক্তই কৰা এই ফোনটোৰ উদ্দেশ্য আৰক্ষীক অৱগত কৰা নাছিল, বৰঞ্চ ঘটনাৰ খবৰ দিয়াৰ উদ্দেশ্য আছিল। চিকিৎসালয়ৰ পৰা ফোন কৰাজনে কয় যে এজন ৰোগীৰ মৃত্যু হৈছে আৰু আন এজন আহত হৈছে। অতুল শ্ৰীবাস্তৱে উল্লেখ কৰে যে অভিযুক্তই দক্ষিণ দিল্লীত ছবছৰ ধৰি বাস কৰিছিল আৰু অঞ্চলটোৰ চিকিৎসালয়সমূহৰ বিষয়ে সম্পূৰ্ণৰূপে অৱগত আছিল। অভিযুক্তৰ উদ্দেশ্য আছিল আহতসকলক বচাব পৰা নাছিল, বৰঞ্চ আইনী প্ৰক্ৰিয়াৰ পৰা নিজকে ৰক্ষা কৰা।
১৪ ছেপ্টেম্বৰত ধৌলা কুয়ান মেট্ৰ’ ষ্টেচনৰ সমীপত বিএমডব্লিউ দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাত বিত্ত মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়া নৱজোত সিং (৫২)ৰ মৃত্যু হয়। এই দুৰ্ঘটনাত নৱজোত সিঙৰ পত্নী সন্দীপ কৌৰ গুৰুতৰভাৱে আহত হয়।
গগনপ্ৰীত কৌৰে গাড়ী চলোৱাৰ অভিযোগ উঠিছে। যোৱা ১৫ ছেপ্টেম্বৰত দিল্লী আৰক্ষীয়ে গগনপ্ৰীত কৌৰক গ্ৰেপ্তাৰ কৰিছিল। দিল্লী আৰক্ষীয়ে গগনপ্ৰীত কৌৰৰ বিৰুদ্ধে অনিচ্ছাকৃত হত্যা, দায়িত্বহীনভাৱে গাড়ী চলোৱা আৰু প্ৰমাণ নষ্ট কৰাৰ অভিযোগ উত্থাপন কৰি এফআইআৰ দাখিল কৰে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া