এছিয়া কাপত ভাৰতৰ অপৰাজিত ধাৰা অব্যাহত
ডুবাই, ২৭ ছেপ্টেম্বৰ (হি স)। এছিয়া কাপ ২০২৫ৰ ছুপাৰ-৪ পৰ্যায়ৰ চূড়ান্ত মেচখনে হয়তো পইণ্ট টেবুলত কোনো প্ৰভাৱ পেলাব পৰা নাছিল যদিও উত্তেজনা আৰু উত্থান-পতনে ইয়াক প্ৰতিযোগিতাখনৰ অন্যতম স্মৰণীয় মেচ হিচাপে গঢ়ি তুলিছিল। শুকুৰবাৰে গভীৰ নিশা ডুবাইত অনুষ্ঠিত এখন উচ্চ স্ক’ৰিং মেচত ভাৰত আৰু শ্ৰীলংকাই ২০ অভাৰত ২০২ ৰান সংগ্ৰহ কৰে। ইয়াৰ ফলত ফলাফল চুপাৰ অভাৰত নিৰ্ণয় কৰিব লগা হয়, য’ত শ্ৰীলংকাই মাত্ৰ ২ ৰানহে মেনেজ কৰিব পাৰিলে, আৰু ভাৰতে সহজেই জয়লাভ কৰিলে।
ভাৰতৰ ইনিংছ – অভিষেক শৰ্মাৰ ধুমুহাময় আৰম্ভণি
টছত পৰাস্ত হোৱাৰ পাছত ভাৰতে প্ৰথমে বেটিং কৰি পাৱাৰপ্লে’ত ৭১ ৰান সংগ্ৰহ কৰে। শুভমন গিল আগতীয়াকৈ আউট হৈছিল যদিও অভিষেক শৰ্মাই (৬১, ২২ বলত অৰ্ধশতক) পুনৰবাৰ বিস্ফোৰক ফৰ্ম প্ৰদৰ্শন কৰে। মিডল অভাৰত সূৰ্যকুমাৰ যাদৱে ব্যৰ্থ হয় যদিও সঞ্জু চেমচন আৰু তিলক বৰ্মাই অংশীদাৰিত্বৰে ৰানৰ হাৰ বজাই ৰাখে। অন্তিম অভাৰত অক্ষৰ পেটেলৰ ছয় আৰু তিলক বৰ্মাৰ (৪৯ নট আউট) চেন্সিবল ইনিংছেৰে ভাৰতক ২০২/৫লৈ আগুৱাই লৈ যায়।
শ্ৰীলংকাৰ ইনিংছ - নিছাংকাৰ শতিক আৰু যুঁজৰ অংশীদাৰিত্ব
লক্ষ্য খেদি খেদি শ্ৰীলংকাইও শক্তিশালী আৰম্ভণি কৰে। পাৱাৰপ্লেত ৭২ ৰান সংযোজন কৰা হয়। পাথুম নিছাংকা (১০৭, ৫৮ বল) আৰু কুছল পেৰেৰা (৫৮)ৰ অভিলেখ ১২৭ ৰানৰ অংশীদাৰিত্বৰে ভাৰতক চাপত পেলাইছিল। অৱশ্যে মিডল অভাৰত উইকেট দখল কৰি কুলদীপ যাদৱ আৰু বৰুণ চক্ৰৱৰ্তীয়ে প্ৰত্যাবৰ্তন কৰে। ফাইনেল অভাৰত শ্ৰীলংকাক ১২ ৰানৰ প্ৰয়োজন হৈছিল। প্ৰথম বলত নিছাংকা আউট হৈছিল যদিও দছুন শনাকাই শেষ বলটোলৈকে যুঁজিছিল, আৰু মেচখন ড্ৰ’ত শেষ হৈছিল।
ছুপাৰ অ'ভাৰ- শ্ৰীলংকাৰ বিপৰ্যয়, সহজে জয়ী ভাৰত
ছুপাৰ অভাৰত শ্ৰীলংকাৰ আৰম্ভণি বেয়া। প্ৰথম বলত কুছাল পেৰেৰা আউট হৈছিল, আৰু লগে লগে দছুন শনাকাও অনুসৰণ কৰে। শ্ৰীলংকাই মাত্ৰ ২ ৰানহে কৰিব পাৰিছিল। প্ৰত্যুত্তৰত ভাৰতে লক্ষ্যত উপনীত হয় সূৰ্যকুমাৰ যাদৱে প্ৰথম বলত তিনি ৰান সংগ্ৰহ কৰি মেচখনত জয় লাভ কৰে।
চমু স্ক'ৰ
ভাৰতঃ ২০২/৫ (২০ অভাৰ) – অভিষেক শৰ্মা ৬১, তিলক বৰ্মা ৪৯*।
শ্ৰীলংকাঃ ২০২/৫ (২০ অভাৰ) – পাথুম নিছাংকা ১০৭, কুছাল পেৰেৰা ৫৮ ৰান।
ফলাফল: মেচ টাই, ছুপাৰ অভাৰত ভাৰত জয়ী।
हिन्दुस्थान समाचार