বিশ্ব পেৰা এথলেটিকছ চেম্পিয়নশ্বিপঃ ৪০০ মিটাৰ টি-২০ ইভেণ্টৰ ফাইনেলত প্ৰৱেশ দীপ্তি জীৱনজী
-মহিলা ডিস্ক থ্ৰ’ (এফ৫৩)ৰ ফাইনেলত স্থান লাভ কাঞ্চন লখানীৰ নতুন দিল্লী, ২৭ ছেপ্টেম্বৰ (হি.স.)। নতুন দিল্লী ২০২৫ বিশ্ব পেৰা এথলেটিকছ চেম্পিয়নশ্বিপত ভাৰতে শক্তিশালী ৰূপত নিজৰ অভিযান আৰম্ভ কৰিছে। বিশ্বব্যাপী প্ৰতিযোগিতাৰ প্ৰথম দিন শনিবাৰে পুৱাৰ অধিবেশ
दीप्ति जीवनजी


-মহিলা ডিস্ক থ্ৰ’ (এফ৫৩)ৰ ফাইনেলত স্থান লাভ কাঞ্চন লখানীৰ

নতুন দিল্লী, ২৭ ছেপ্টেম্বৰ (হি.স.)। নতুন দিল্লী ২০২৫ বিশ্ব পেৰা এথলেটিকছ চেম্পিয়নশ্বিপত ভাৰতে শক্তিশালী ৰূপত নিজৰ অভিযান আৰম্ভ কৰিছে। বিশ্বব্যাপী প্ৰতিযোগিতাৰ প্ৰথম দিন শনিবাৰে পুৱাৰ অধিবেশনত মহিলাৰ ৪০০ মিটাৰ টি-২০ প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰে ভাৰতৰ দীপ্তি জীৱনজীয়ে।

২২ বছৰীয়া খেলুৱৈগৰাকীয়ে নিজৰ হিটত ৫৮.৩৫ ছেকেণ্ড সময়েৰে প্ৰথম স্থান দখল কৰে, যিটো ব্যক্তিগত শ্ৰেষ্ঠ। অৱশ্যে মহিলাৰ জেভলিন থ্ৰ’ এফ৪৬ত পদক প্ৰতিদ্বন্দ্বী হিচাপে বিবেচিত ভৱনাবেন আজাবাজী চৌধাৰীয়ে নিৰাশাজনক প্ৰদৰ্শন আগবঢ়াই অষ্টম স্থান দখল কৰে।

ইফালে ভৱনাবেনে ৩৫.৩৪ মিটাৰ জেভেলিন নিক্ষেপ কৰে, যিটো তেওঁৰ ব্যক্তিগত শ্ৰেষ্ঠ ৩৯.৭০ মিটাৰ (পেৰিছ পেৰালিম্পিক ২০২৪)ৰ পৰা বহু কম।

আন আন ইভেণ্টত কাঞ্চন লখানীয়ে মহিলাৰ ডিস্কছ থ্ৰ’ (এফ৫৩)ৰ ফাইনেলত প্ৰৱেশ কৰে। পিছত জেভেলিন থ্ৰ’য়াৰ প্ৰবীণ কুমাৰ (ক্বালিফাইং ৰাউণ্ড) আৰু হেমচন্দ্ৰ (এফ৫৫, এফ৫৬, এফ৫৭ কোৱালিফাইং) প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। আজি পুৰুষৰ ১০০ মিটাৰ এফ ৩৭ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব দৌৰবিদ ৰাকেশ ভাই ভাট আৰু শ্ৰেয়াং ত্ৰিবেদীয়ে। একেদৰে হাই জাম্প (টি৬৩, টি৪২)ত শৈলেশ কুমাৰ, বৰুণ, আৰু ৰাহুলে প্ৰতিদ্বন্দ্বিতা কৰিব।

हिन्दुस्थान समाचार


 rajesh pande