বেইজিং, ২৭ ছেপ্টেম্বৰ (হি.স.)। সমগ্ৰ বিশ্বৰ বতৰৰ আগজাননী দিয়াৰ লক্ষ্যৰে চীনে সফলতাৰে উৎক্ষেপণ কৰিছে ফেংগুন-৩-০৮ উপগ্ৰহ।
চৰকাৰী সংবাদ সংস্থা ছিনহুয়াই প্ৰকাশ কৰা অনুসৰি, শনিবাৰে দেশৰ উত্তৰ-পশ্চিম অঞ্চলৰ জিউকুয়ান উপগ্ৰহ উৎক্ষেপণ কেন্দ্ৰৰ পৰা ফেংগুন-৩-০৮ বতৰ বিজ্ঞান উপগ্ৰহটো মহাকাশলৈ সফলতাৰে উৎক্ষেপণ কৰা হয়। স্থানীয় সময় অনুসৰি পুৱা ৩:২৮ বজাত লং মাৰ্চ-৪চি কেৰিয়াৰ ৰকেটত উৎক্ষেপণ কৰা হয়। উপগ্ৰহটোৱে নিজৰ নিৰ্দিষ্ট কক্ষপথত প্ৰৱেশ কৰিছে।
চীনৰ ৰাষ্ট্ৰীয় মহাকাশ প্ৰশাসনৰ (চিএনএছএ) তথ্য অনুসৰি এই উৎক্ষেপণে ৫৯৬ সংখ্যক লং মাৰ্চ ছিৰিজৰ উৰণ অভিযানৰ সূচনা কৰে, যিটো দেশখনৰ মহাকাশ সামৰ্থ্য শক্তিশালী কৰাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ।
ফেংয়ুন-৩-০৮ উপগ্ৰহটো ফেংগুন বতৰ বিজ্ঞান উপগ্ৰহ পৰিয়ালৰ শেহতীয়া সদস্য আৰু ইয়াত ৯টা উন্নত ৰিম'ট চেন্সিং পেলোড আছে। ইয়াৰ ভিতৰত মধ্যম ৰিজ’লিউচনৰ বৰ্ণালী ইমেজাৰ আৰু মাইক্ৰৱেভ ইমেজাৰৰ দৰে যন্ত্ৰও অন্তৰ্ভুক্ত।
এই উপগ্ৰহটোৱে মূলতঃ বতৰৰ পূৰ্বাভাস, বায়ুমণ্ডলীয় ৰসায়ন, জলবায়ু পৰিৱৰ্তন নিৰীক্ষণ আৰু গৱেষণা কাৰ্য্যকলাপৰ তথ্য প্ৰদান কৰিব। চিএনএছএৰ তথ্য অনুসৰি এই উপগ্ৰহৰ কাৰ্য্যকলাপে চীনৰ বিশ্বব্যাপী বতৰ পূৰ্বাভাসৰ ক্ষমতা বৃদ্ধি কৰিব। ইয়াৰ দ্বাৰা বিশ্বৰ জলবায়ু পৰিৱৰ্তনক ভালদৰে মোকাবিলা কৰাৰ লগতে বতৰ সম্পৰ্কীয় দুৰ্যোগ ৰোধ কৰাৰ ক্ষেত্ৰত চীনৰ ক্ষমতা যথেষ্ট উন্নত হ’ব।
চীন বতৰ বিজ্ঞান প্ৰশাসনৰ বিশেষজ্ঞসকলে বিশ্বাস কৰে যে এই উপগ্ৰহটোৱে বিশ্বজুৰি বতৰৰ পূৰ্বাভাসৰ সঠিকতা আৰু সময়োপযোগীতাৰ ক্ষেত্ৰত নতুন ভূমি ভংগ কৰিব।
মন কৰিবলগীয়া যে ফেংগুন ছিৰিজৰ উপগ্ৰহসমূহে ইতিমধ্যে ১২৯খন দেশ আৰু অঞ্চললৈ ডাটা প্ৰডাক্ট আৰু সেৱা আগবঢ়াইছে। এই নতুন উপগ্ৰহটোৱে এই নেটৱৰ্কক আৰু অধিক শক্তিশালী কৰিব। ই বায়ুমণ্ডলৰ উষ্ণতা, আৰ্দ্ৰতা, আৰু ট্ৰেচ গেছ নিৰীক্ষণ কৰিব, যিয়ে বানপানী, খৰাং, ধুমুহাৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ আগতীয়া সতৰ্কবাণীত সহায়ক হ’ব।
हिन्दुस्थान समाचार / আলোক চক্ৰৱৰ্তী