এটৰ্নী জেনেৰেল আৰ ভেংকটাৰমণিৰ কাৰ্যকাল দুবছৰ বৃদ্ধি
নতুন দিল্লী, ২৭ ছেপ্টেম্বৰ (হি.স.)। কেন্দ্ৰীয় চৰকাৰে জ্যেষ্ঠ অধিবক্তা আৰ ভেংকটাৰমণিৰ এটৰ্নী জেনেৰেলৰ কাৰ্যকাল দুবছৰৰ বাবে বৃদ্ধি কৰিছে। ১ অক্টোবৰৰ পৰা আৰম্ভ হ’ব এটৰ্নী জেনেৰেলৰ নতুন কাৰ্যকাল। এই সন্দৰ্ভত আইন আৰু ন্যায় মন্ত্ৰালয়ে এক অধিসূচনা জাৰি
वकील


নতুন দিল্লী, ২৭ ছেপ্টেম্বৰ (হি.স.)। কেন্দ্ৰীয় চৰকাৰে জ্যেষ্ঠ অধিবক্তা আৰ ভেংকটাৰমণিৰ এটৰ্নী জেনেৰেলৰ কাৰ্যকাল দুবছৰৰ বাবে বৃদ্ধি কৰিছে। ১ অক্টোবৰৰ পৰা আৰম্ভ হ’ব এটৰ্নী জেনেৰেলৰ নতুন কাৰ্যকাল। এই সন্দৰ্ভত আইন আৰু ন্যায় মন্ত্ৰালয়ে এক অধিসূচনা জাৰি কৰিছে।

এটৰ্নী জেনেৰেল ভেংকটাৰমণীয়ে চাৰি দশকৰো অধিক সময় ধৰি আইন চৰ্চা কৰি আহিছে। ২০২২ চনৰ অক্টোবৰ মাহত তেওঁক প্ৰথমবাৰৰ বাবে এটৰ্নী জেনেৰেল হিচাপে তিনি বছৰৰ বাবে নিযুক্তি দিয়া হৈছিল। এই সময়সীমা বৃদ্ধিৰ লগে লগে ভেংকটাৰমণীয়ে ২০২৭ চনৰ ৩০ ছেপ্টেম্বৰলৈকে এটৰ্নী জেনেৰেল হিচাপে কাৰ্যনিৰ্বাহ কৰিব।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande