কলিকতা উচ্চ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ হিচাপে নিযুক্ত ন্যায়ামূৰ্তি সুজয় পাল
কলকাতা, ২৭ ছেপ্টেম্বৰ (হি.স.)। কেন্দ্ৰীয় চৰকাৰে এক অধিসূচনা জাৰি কৰি ন্যায়াধীশ সুজয় পালক কলিকতা উচ্চ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিছে। এই নিযুক্তি ভাৰতীয় সংবিধানৰ ২২৩ নং অনুচ্ছেদৰ অধীনত কৰা হৈছে। শুকুৰবাৰে সন্ধিয়া ন
सुजय पॉल


কলকাতা, ২৭ ছেপ্টেম্বৰ (হি.স.)। কেন্দ্ৰীয় চৰকাৰে এক অধিসূচনা জাৰি কৰি ন্যায়াধীশ সুজয় পালক কলিকতা উচ্চ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিছে। এই নিযুক্তি ভাৰতীয় সংবিধানৰ ২২৩ নং অনুচ্ছেদৰ অধীনত কৰা হৈছে।

শুকুৰবাৰে সন্ধিয়া ন্যায় মন্ত্ৰালয়ে জাৰি কৰা এক অধিসূচনা অনুসৰি কলিকতা উচ্চ ন্যায়ালয়ৰ বৰ্তমানৰ ন্যায়াধীশ ন্যায়মূৰ্তি পালক নিয়মীয়া নিযুক্তি নোপোৱালৈকে মুখ্য ন্যায়াধীশৰ দায়িত্ব গ্ৰহণ কৰিবলৈ কৰ্তৃত্ব প্ৰদান কৰিছে।

উল্লেখযোগ্য যে চলিত মাহৰ আৰম্ভণিতে ন্যায়মূৰ্তি সোমেন সেনৰ তদানিন্তন মুখ্য ন্যায়াধীশ টি. শিৱগণনমৰ অৱসৰৰ পিচত ভাৰপ্ৰাপ্ত ন্যায়াধীশ নিযুক্ত কৰা হৈছিল। ন্যায়মূৰ্তি শিৱগণনমে দুবছৰতকৈ অধিক কাৰ্যকাল সম্পূৰ্ণ কৰিছিল। ইয়াৰ পিছত উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে ন্যায়াধীশ সেনক মেঘালয় উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্ত কৰাৰ পৰামৰ্শ দিয়ে, যিটো পৰামৰ্শ এতিয়া কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনাইছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande