নতুন দিল্লী, ২৭ ছেপ্টেম্বৰ ( হি স) ।শুকুৰবাৰে ডুবাইত শ্ৰীলংকাৰ বিৰুদ্ধে অনুষ্ঠিত ছুপাৰ ফোৰৰ মেচখনৰ দ্বিতীয় ইনিংছত মাংসপেশী টানি ধৰা (ক্ৰেম্প)ৰ বাবে অভিষেক শৰ্মা আৰু হাৰ্দিক পাণ্ডিয়াক ক্ৰেম্পৰ বাবে খেলপথাৰৰ পৰা আঁতৰি আহিবলগীয়া হয়। অভিষেক এতিয়া সম্পূৰ্ণ ফিট হোৱা যেন দেখা গৈছে যদিও শনিবাৰে হাৰ্দিকৰ অৱস্থাৰ মূল্যায়ন কৰি দেওবাৰে পাকিস্তানৰ বিৰুদ্ধে এছিয়া কাপৰ ফাইনেলৰ সিদ্ধান্ত নিৰ্ণয় কৰা হ’ব।
শুকুৰবাৰৰ খেলখনৰ পিছত ভাৰতৰ বলিং প্ৰশিক্ষক মৰ্ণে মৰ্কেলে কয় যে, হাৰ্ডিকৰ অৱস্থাৰ মূল্যায়ন কৰা হ'ব আৰু সিদ্ধান্ত লোৱা হ'ব। অভিষেক ভালেই আছে। দুয়োজনেই মাত্ৰ ক্ৰেম্পত আক্ৰান্ত আছিল।
মাত্ৰ এটা অভাৰত বলিং কৰি হাৰ্দিক পাণ্ডিয়াই খেলপথাৰ এৰি যোৱাৰ বিপৰীতে অভিষেকে ৯.২ অভাৰত ফিল্ডিং কৰি খেলপথাৰ এৰিবলৈ বাধ্য হয়।
এই মেচখনত অভিষেকে ৩১টা বলত ৬১ ৰানৰ ফোহা ইনিংছ খেলি পুনৰবাৰ ভাৰতৰ শ্ৰেষ্ঠ বেটছমেন হিচাপে প্ৰমাণিত হয়। কিন্তু ছুপাৰ অভাৰৰ সময়ত তেওঁ বেটিং কৰিবলৈ ওলাই নাহিল, তাৰ ঠাইত শুভমন গিল আৰু অধিনায়ক সূৰ্যকুমাৰ যাদৱে মেচখন সমাপ্ত কৰে।
শুকুৰবাৰে গভীৰ নিশা ভাৰত আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত ছুপাৰ ফোৰৰ মেচখন সমাপ্ত হয়, আৰু দেওবাৰে ফাইনেল অনুষ্ঠিত হোৱাৰ কথা। ফলস্বৰূপে টিম ইণ্ডিয়াই শনিবাৰে অনুশীলন নকৰাৰ সিদ্ধান্ত লৈছে। আনহাতে পাকিস্তানে আইচিচি একাডেমীত শনিবাৰে ৬ বজাৰ পৰা ৯ বজালৈ অনুশীলনৰ দিন ধাৰ্য কৰিছে।
মৰ্কেলে কয়, ল'ৰাবোৰৰ বাবে জিৰণি লোৱাটো মূল কথা। তেওঁলোকে সকলোৱে বৰফত স্নান কৰিছে, আৰু তৎক্ষণাত আৰোগ্য আৰম্ভ হৈছে। টোপনি আৰু ভৰি দুখন জিৰণি লোৱাৰ পৰাই আটাইতকৈ ভাল আৰোগ্য লাভ কৰা হয়। কাইলৈ পুৱা খেলুৱৈসকলৰ ব্যক্তিগত পুল অধিবেশন হ'ব। তাৰ পিছত মালিচ আৰু ডাঙৰ মেচখনৰ বাবে মানসিকভাৱে নিজকে প্ৰস্তুত কৰাটো অতি গুৰুত্বপূৰ্ণ হ'ব।
তেওঁ লগতে কয়, ইমান কম সময়ৰ বাবে স্মাৰ্টভাৱে প্ৰস্তুতি চলোৱাটো গুৰুত্বপূৰ্ণ হ'ব। কিন্তু নিশ্চিতভাৱে কোনো নেট প্ৰেকটিছ নাথাকিব।
हिन्दुस्थान समाचार