কোকৰাঝাৰ, ২৬ ছেপ্টেম্বৰ (হি.স.)। বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল চমুকৈ বিটিচিৰ নিৰ্বাচনৰ ভোটগণনা অব্যাহত আছে। মুঠ ৪০ টা সমষ্টিত অনুষ্ঠিত হোৱা ভোটগণনা অব্যাহত আছে যদিও বহু লেহেমীয়াকৈ হৈছে ভোটগণনা। বিয়লি ৫ বজা পৰ্যন্ত ৪০ টা সমষ্টিৰ ভিতৰত ৪ টা ৰাউণ্ডৰহে ভোটগণনা সম্পন্ন হৈছে।
এই পৰ্যন্ত হোৱা ভোটগণনা অনুসৰি পৰিষদখনৰ ২০ খন আসনত আগবাঢ়ি আছে বি পি এফ দলটো। ইউ পি পি এল ৮ খনত আৰু বিজেপি ১২ খন আসনত আগবাঢ়ি আছে। এই ট্ৰেণ্ড অনুসৰি যদিও বিপিএফ আগবাঢ়ি আছে তথাপিও কিন্তু ফলাফল কি হ'বগৈ সেয়া এতিয়াও নিশ্চিতকৈ ক'ব পৰা অৱস্থাত নাই।
এই মুহূৰ্তত প্ৰয়োজনীয় ২১ খন আসন দখলেৰে বিপিএফে ক্ষমতালৈ আহিব বুলিয়েই আশা কৰি আছে যদিও পৰৱৰ্তী ৰাউণ্ড কেইটাৰ ভোটগণনা সম্পন্ন নোহোৱালৈকে একো ক'ব নোৱাৰি। কিয়নো বি পি এফ আগবাঢ়ি থকা বহু কেইটা সমষ্টিত বিজেপি অথবা ইউ পি পি এৰ প্ৰাৰ্থী অতি কম ভোটৰ ব্যৱধানতহে পিছ পৰি আছে।
সেয়ে কোনো কোনো সমষ্টিত অতি কমেও ৮ টা ৰাউণ্ডৰ আৰু তীব্ৰ প্ৰতিদ্বন্দিতা হোৱা সমষ্টিত ১০ টা ৰাউণ্ডৰ ভোটগণনালৈ অপেক্ষা কৰিব লাগিব। স্মৰ্তব্য, ২০২০ ৰ নিৰ্বাচনত ইউ পি পি এলে ১২ খন বিজেপিয়ে ৯ খন আৰু জি এছ পিয়ে এখন আসন লাভ কৰিছিল। সেইবাৰ বি পি এফে সৰ্বাধিক ১৭ খন আসন লাভ কৰিছিল যদিও অৱশ্যে বিজেপি, ইউ পি পি এলে মিত্ৰতাৰেহে পৰিষদখনৰ ক্ষমতা দখল কৰে।
উল্লেখ্য যে ২২ ছেপ্টেম্বৰত শান্তিপূৰ্ণভাৱে সামৰণি পৰিছিল ২০২৫ চনৰ বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ নিৰ্বাচন । উক্ত দিনা বিয়লি ৪:৩০ বজালৈকে প্ৰায় ৭৭.৯৭% ভোটাৰে ভোটদান কৰিছিল । বি টি চিৰ ৪০টা পৰিষদীয় সমষ্টিত ৩১৬ গৰাকী দলীয় আৰু নিৰ্দলীয় প্রার্থীয়ে প্রতিদ্বন্দ্বিতা কৰিছিল ৷ আনহাতে, বি টি চি নিৰ্বাচনৰ মুঠ ভোটাৰৰ সংখ্যা ২৬,৫৭,৯৩৭ গৰাকী ৷ ইয়াৰে ১৩,২৩,৩৯৯ গৰাকী পুৰুষ, ১৩,৩৪,৫২১ গৰাকী মহিলা আৰু ১৭ গৰাকী তৃতীয় লিংগৰ লোক ৷ বি টি চিৰ ৪০ টা সমষ্টিৰ ভিতৰত অনুসূচিত জনজাতি (ST)ৰ বাবে ৩০টা সমষ্টি সংৰক্ষিত ৷ আনহাতে, অ-অনুসূচিত জনজাতিৰ (Non-ST) বাবে ৫টা সমষ্টি সংৰক্ষিত হোৱাৰ বিপৰীতে সকলোৰে বাবে মুকলি (Open) ৫টা সমষ্টি আছে। বি টি আৰত পাঁচখন জিলা ক্ৰমে কোকৰাঝাৰ, চিৰাং, বাক্সা, ওদালগুৰি আৰু তামুলপুৰ জিলা অন্তৰ্ভূক্ত কৰা হৈছে ৷
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া