বিহাৰৰ ভৱিষ্যত গঢ় দিয়াৰ ক্ষেত্ৰত মহিলাসকলে নিজৰ শক্তি উপলব্ধি কৰা উচিতঃ প্ৰিয়ংকা গান্ধী
পাটনা, ২৬ ছেপ্টেম্বৰ (হি.স.)। কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা সাংসদ প্ৰিয়ংকা গান্ধীয়ে শুকুৰবাৰে পাটনাৰ সদকত আশ্ৰমত প্ৰায় ২০০০ মহিলাক সম্বোধন কৰি ৰাজ্যখনৰ ভৱিষ্যত গঢ় দিয়াৰ ক্ষেত্ৰত “নিজৰ শক্তিক উপলদ্ধি কৰিবলৈ” আহ্বান জনায়। শক্তি অধিকাৰ কাৰ্যসূচীত
पटना के सदाकत आश्रम में महिला शक्ति अधिकार कार्यक्रम के दौरान प्रियंका गांधी


পাটনা, ২৬ ছেপ্টেম্বৰ (হি.স.)। কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা সাংসদ প্ৰিয়ংকা গান্ধীয়ে শুকুৰবাৰে পাটনাৰ সদকত আশ্ৰমত প্ৰায় ২০০০ মহিলাক সম্বোধন কৰি ৰাজ্যখনৰ ভৱিষ্যত গঢ় দিয়াৰ ক্ষেত্ৰত “নিজৰ শক্তিক উপলদ্ধি কৰিবলৈ” আহ্বান জনায়।

শক্তি অধিকাৰ কাৰ্যসূচীত তেওঁ মহিলাসকলক কয়, ঘৰুৱা শ্ৰমিক আৰু অংগনবাডী শ্ৰমিকৰ পৰা আৰম্ভ কৰি পেছাদাৰীসকললৈকে, ৰাজনৈতিক দলসমূহে তেওঁলোকৰ ভোট নগদ ধনেৰে লয়, কিন্তু তেওঁলোকক সন্মান বা সুযোগ প্ৰদান কৰাত ব্যৰ্থ হয়। প্ৰিয়ংকাই কয়, আপুনি আপোনাৰ ক্ষমতাক চিনি নাপায়। কিন্তু দলবোৰে চিনি পায়। সেইবাবেই নিৰ্বাচনৰ আগতে আপোনাক টকা দিয়ে। তেওঁলোকে জানে আপোনাৰ সমৰ্থন অবিহনে চৰকাৰ গঠন কৰিব নোৱাৰে।

বিহাৰত নিবনুৱা সমস্যা আৰু প্ৰব্ৰজনক লৈ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক সমালোচনা কৰি কয় যে বহু পুৰুষে ৰাজ্যৰ বাহিৰত কাম কৰিবলৈ বাধ্য হয়, যাৰ ফলত মহিলাসকলে নিজৰ যত্ন ল’ব লগা হয়। ইয়াত কৰ্মসংস্থাপনৰ কোনো সুযোগ নাই বুলিও তেওঁ উল্লেখ কৰে।

অনুষ্ঠানত মহিলাসকলে প্ৰিয়ংকাৰ সৈতে নিজৰ ব্যক্তিগত সংগ্ৰামৰ বিষয়ে ভাগ-বতৰা কৰে, য’ত মনৰেগাৰ কৰ্মী, জীৱিকাৰ সদস্য, আশাকৰ্মীসকলৰ সমস্যাও আছিল।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande