ওদালগুৰি, ২৬ ছেপ্টেম্বৰ (হি.স.): আজি শুকুৰবাৰে বিটিচি পৰিষদীয় নিৰ্বাচনৰ ভোট গগনা কৰা হৈছে । ওদালগুৰি জিলা আয়ুক্ত কাৰ্যালয়ৰ জৰিয়তে জিলা খনত ২২ ছেপ্তেম্বৰত অনুষ্ঠিত হৈছিল ১০ টা পৰিষদীয় সমষ্টিৰ ভোট গ্ৰহণ। আজি জিলা আয়ুক্ত কাৰ্যালয়ৰ দ্বিতীয় মহলাত ১০ টা পৰিষদীয় সমষ্টিৰ ভোট গণনা আৰম্ভ হৈছে ।
উল্লেখ্য় যে ১০ টা কক্ষৰ মুঠ ৯৬ খন টেবুলত ১০ পৰিষদীয় সমষ্টিৰ ভোট গণনা কৰা হৈছে । জিলা আয়ুক্ত কাৰ্যালয়ৰ ষ্ট্ৰং ৰূমৰ পৰা বেলট বক্স সমূহ ক্ৰম্বনয়ে উলিয়াই ভোটগণনা কক্ষ (কাউন্টিং হল)লৈ নিয়া হৈছে। ইয়াৰ বাবে কটকটীয়া নিৰপত্তা বেষ্টনি গড়ি তুলিছে জিলা আয়ুক্ত কাৰ্যালয়ৰ চৌহদত।ওদালগুৰি জিলাৰ আটাইকেইটা সমষ্টিত মুঠ ৭৫ শতাংশ ভোট দান হৈছিল । কোন কোন দলৰ প্ৰাৰ্থীয়ে শেষ হাঁহি মাৰিব সেয়া আজিয়েই স্পষ্ট হৈ পৰিব।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ