তামুলপুৰ জিলাৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল চৌহদত পুৱা ৮ বজাৰ পৰা আৰম্ভ বিটিচি পৰিষদীয় নিৰ্বাচনৰ ভোটগণনা
তামুলপুৰ জিলাৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল চৌহদত পুৱা ৮ বজাৰ পৰা আৰম্ভ হ'ব বিটিচি পৰিষদীয় নিৰ্বাচনৰ ভোটগণনা।
তামুলপুৰ জিলাৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল চৌহদত পুৱা ৮ বজাৰ পৰা আৰম্ভ বিটিচি পৰিষদীয় নিৰ্বাচনৰ ভোটগণনা


তামুলপুৰ, ২৬ ছেপ্টেম্বৰ (হি.স.): তামুলপুৰ জিলাৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল চৌহদত পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে বিটিচি পৰিষদীয় নিৰ্বাচনৰ ভোটগণনা। এই ভোটগণনাৰ জৰিয়তে তামুলপুৰ জিলাৰ পাঁচটা পৰিষদীয় সমষ্টিৰ ৪১ গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য নির্ণয় হ’ব।

উল্লেখ্য যে, তামুলপুৰ জিলা প্ৰশাসনে ভোট গণনাৰ বাবে যাৱতীয় ব্য়ৱস্থা কৰিছে। ২৯ নং শুক্লাই ছেৰফাং(জনজাতি)সমষ্টিৰ ভোট গণনা ১০ খন টেবুলত হোৱাৰ বিপৰীতে বাকী চাৰিটা সমষ্টিৰ ভোটগণনা ১৪ খন টেবুলত কৰা হৈছে । এই ভোটগণনা ৭ টা ৰাউণ্ডত সমাপ্ত হ'ব।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande