বাক্সা, ২৬ ছেপ্টেম্বৰ (হি.স.): আজি বিটিচি পৰিষদীয় নিৰ্বাচনৰ ভোটগণনা কৰা হৈছে । বাক্সা জিলাৰ মুছলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা অস্থায়ী ষ্ট্ৰং ৰূমত ছয়টাকৈ সমষ্টিৰ ভোটগণনা কৰা হৈছে ।
বাক্সা জিলাৰ ছয়টা সমষ্টিৰ ৫২গৰাকী প্ৰাৰ্থীৰ ভাগ্য আজি নিৰ্ণয় হ’ব। ৰাতিপুৱা আঠবজাৰ পৰা আৰম্ভ হৈছে ভোটগণনা। প্ৰতিটো সমষ্টিৰ বাবে চৈধ্যখনকৈ টেবুলত গণনা কৰা হৈছে ভোট। জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়াই জানিব দিয়া মতে, ছয়টাৰ পৰা সাতটা ৰাউণ্ডতে সমাপ্ত হ’ব ভোটগণনা। ভোটগণনা কেন্দ্ৰৰ এশমিটাৰৰ ভিতৰত থাকিব ১৪৪ধাৰা।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ