তামুলপুৰ, ২৬ ছেপ্টেম্বৰ (হি.স.): তামুলপুৰ জিলাত মুঠ পাঁচ পৰিষদীয় সমষ্টিত আজি পুৱাৰে পৰা ভোটগণনা আৰম্ভ কৰা হয়। এই পাঁচ সমষ্টিকেইটা হ’ল-গয়বাৰী(জনজাতি) দৰঙাজুলি(জনজাতি), নাগ্ৰীজুলি(অ-জনজাতি), শুক্লাই ছেৰফাং(জনজাতি), গোৰেশ্বৰ(জনজাতি)৷
জিলাখনৰ মুঠ ভোটাৰৰ সংখ্যা আছিল ৩,৪৫,৭৭০ গৰাকী৷ ইয়াৰ বিপৰীতে পৰিষদীয় নিৰ্বাচনত অৱতীৰ্ণ হৈছিল ৪১ গৰাকী প্ৰাৰ্থী। ইতিমধ্যে বেলট বক্সত বন্দী হৈছে প্ৰাৰ্থীসকলৰ ভাগ্য ৷ ৮8 নং গয়বাৰী (তামুলপুৰ) সমষ্টিৰ প্ৰাৰ্থী ক্ৰমে-ইউপিপিএল - প্ৰমোদ বড়ো৷বিপিএফ - জিতেন মুছাহাৰী৷বিজেপিৰ নাই৷ ভোটদানৰ হাৰ-৭৬.৭%
২৬ নং দৰঙাজুলি সমষ্টিৰ প্ৰাৰ্থী ক্ৰমে-বিজেপি - বিজিত গৌৰা নাৰ্জাৰী৷বিপিএফ - ইমানুৱেল মুছাহাৰী৷ইউপিপিএল - জলেন দৈমাৰী৷ভোটদানৰ হাৰ-৭২.৪৯%,
২৭ নং নাগ্ৰিজুলি সমষ্টিৰ প্ৰাৰ্থী ক্ৰমে-বিজেপি - লক্ষী দাস (ভজন)৷ইউপিপিএল - ৰবিন বালা বিশ্বাস৷বিপিএফ - উত্তম দাস৷ভোটদানৰ হাৰ-৭১.২৩%
২৯ নং শুক্লাই চেৰফাং সমষ্টিৰ প্ৰাৰ্থী ক্ৰমে-বিপিএফ - গনেশ কছাৰী৷ইউপিপিএল - প্ৰদীপ নাৰ্জাৰী৷বিজেপি - ৰনেন্দ্ৰ নাৰ্জাৰী৷কংগ্ৰেছ- সুৰজিত বসুমতাৰী৷চিলিন্দাৰ ভোটাৰ পাৰ্টী - ৰূপন বসুমতাৰী৷গেছ - সুন্দৰ বড়ো৷এপিবি- নৰেন্দ্ৰ বড়ো৷ভোটদানৰ হাৰ-৭৫.৯৭%,
৩০ নং গোৰেশ্বৰ সমষ্টিৰ প্ৰাৰ্থী ক্ৰমে- বিজেপি - ডেৰহাচাৰ নাৰ্জাৰী৷বিপিএফ - মহেশ্বৰ বসুমতাৰী৷ইউপিপিএল- বিপুল কুমাৰ বসুমতাৰী৷চিপিএম- নিকুঞ্জ চৌধুৰী৷কংগ্ৰেছ- ভৱেন্দ্ৰ নাথ স্বৰ্গীয়াৰী৷চিলিন্দাৰ ভোটাৰ পাৰ্টী- বিজুলী নাৰ্জাৰী৷এপিবি- কুশল বড়ো৷ঘড়ী - ধৰণীধৰ বড়ো৷চিলাই মেচিন- ললিত চন্দ্ৰ ডেকা৷ভোটদানৰ হাৰ-৭৯.০৬%
শুক্লাই ছেৰফাং সমষ্টিৰ ভোটগণনা ১০খন টেবুলত হোৱাৰ বিপৰীতে বাকী চাৰিটা সমষ্টিৰ ভোটগণনা ১৪খন টেবুলত কৰা হৈছে। লগতে এই ভোটগণনা ৭ টা ৰাউণ্ডত সমাপ্ত হ'ব।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ