গোৱালপাৰাৰ শালিভূমিত অচিনাকি লোকে বান্ধিলে ঘৰ, ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি
গোৱালপাৰাৰ ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি ।
গোৱালপাৰাৰ শালিভূমিত অচিনাকি লোকে বান্ধিলে ঘৰ, ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি


গোৱালপাৰা, ২৬ ছেপ্টেম্বৰ (হি.স.): গোৱালপাৰা জিলাৰ শালিভূমিত অচিনাকি লোকে ঘৰ বন্ধাৰ ঘটনা পোহৰলৈ আহিছে । গোৱালপাৰাৰ ৰণুৱাত কালি নিশাৰ ভিতৰতে অচিনাকি লোকে ঘৰ বন্ধিলে। ইয়াকে লৈ ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। মাটিয়া ৰাজহ চক্ৰৰ ৰণুৱা পথাৰৰ শালি ভূমিত অচিনাকি লোকে বান্ধিলে ঘৰ ।

স্থানীয় ৰাইজে বাধা দিয়াৰ পিছতো ঘৰ বন্ধা কাম অব্যাহত ৰাখিছে সন্দেহজনক লোক সকলে । প্ৰায় ১০ খন গাওঁৰ কৃষক ৰাইজৰ খেতিপথাৰত এনেদৰে হঠাৎ ঘৰ বন্ধাক কেন্দ্ৰ কৰি চিন্তিত হৈ পৰিছ ৰাইজ । এই ক্ষেত্ৰত তদন্তৰে কাৰ্যব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাছে ৰাইজে স্থানীয় ৰাইজে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande